ডেলিভাৰী কোম্পানী Dunzoত যথেষ্ট পৰিমাণে বিনিয়োগ কৰিবলৈ গৈ আছে Reliance Retail


 ৰিলায়েন্স ৰিটেইলে (Reliance Retail Ventures Limited) অনলাইন ডেলিভাৰী কোম্পানী ডুঞ্জো (Dunzo)ত বিনিয়োগ কৰি আছে। ৰিলায়েন্সে ২৫.৮ শতাংশ অংশ ক্ৰয় কৰিছে। ২০০ মিলিয়ন মাৰ্কিন ডলাৰ ভাৰতীয় মূল্যতন ১,৪৮৮ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰিলায়েন্সে অনলাইন গ্ৰোচাৰী ডেলিভাৰী খণ্ডত ইয়াৰ উপস্থিতি অধিক শক্তিশালী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰি আছে। ডুনজো (Dunzo)ৰ বৰ্তমান প্ৰায় ২৪০ মিলিয়ন মাৰ্কন ডলাৰ বিনিয়োগ আছে। বিনিয়োগ কোম্পানীবোৰৰ মাজত নেতৃত্ব হৈছে স্থানীয় ৰিলায়েন্স ৰিটেইল।

এক বিবৃতিত কোম্পানীটোৱে কয়, "বিনিয়োগে কোম্পানীটোৱে গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰিব পাৰে বুলি আত্মবিশ্বাস প্ৰতিফলিত কৰিছে। এই বিনিয়োগে দেশৰ এক বৃহত্তৰ খণ্ডত সেৱা প্ৰদানত এক বিশেষ কাম কৰিব। ভাৰতীয় চহৰসমূহত বিটুবি বাণিজ্য ক্ষেত্ৰৰ বিকাশ আৰু দ্ৰুত বিতৰণৰ ক্ষেত্ৰটো বহল হ'ব। ডেলিভাৰী কোম্পানীটোৱে বৰ্তমান ভাৰতৰ সাতখন মেট্ৰ' চহৰত কাম কৰি আছে। ই ভৱিষ্যতে আৰু ১৫ খন চহৰত কাম আৰম্ভ কৰিবলৈ সক্ষম হ'ব।

Post a Comment

0 Comments