সকলোৱে গাইছে, কিয় ৰৈ থাকিব ৰাণু মণ্ডল, দেশজুৰি ভাইৰেল হোৱা সেই গান গাই পুনৰ ভাইৰেল ৰাণাঘাটৰ ৰাণু

 


ৰাণু মণ্ডল। নাম শুনিলেই এতিয়া আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। ৰ’লৱে ষ্টেচনত গান গোৱা ৰাণু এদিন পাইছিলগৈ বলীউদ। গান গাইছিল বলীউদৰ প্ৰখ্যাত সংগীত পৰিচালক–কণ্ঠশিল্পী হিমেশ ৰেশামিয়াৰ সৈতে। তাৰ পিছতে দেশজুৰি জনপ্ৰিয় হৈ পৰিছিল ৰাণু মণ্ডল। একপ্ৰকাৰ চেলিব্ৰেটী হৈ পৰিছিল ৰাণু। আমন্ত্ৰণ লাভ কৰিছিল বিভিন্ন অনুষ্ঠানলৈ। কলকাতাৰ দুৰ্গা পূজাৰ মণ্ডপতো শুনা গৈছিল ৰাণুৰ গান।

কিন্তু ৰাণু মণ্ডলৰ সেই গৰিমা এতিয়া নাই। নিজৰ অহং মনোভাৱ, আচাৰ–ব্যৱহাৰে যেন ৰাণু মণ্ডলক পুনৰ আগৰ পৰ্যায়লৈ লৈ গৈছে। নিশাটোৰ ভিতৰতে যিদৰে ষ্টাৰ হৈ পৰিছিল সেইদৰে সেই গৰিমা ম্লান হ’বলৈও বেছিদিন নালাগিল। বৰ্তমান প্ৰায়ে ৰাণু মণ্ডলক সামাজিক মাধ্যমত দেখা যায় সেই পুৰণি ঘৰটোত, পিন্ধনত মলিয়ন পোছাক।

কিন্তু তাৰ মাজতো সামাজিক মাধ্যমত প্ৰায়ে ভাইৰেল হয় ৰাণুৰ বিভিন্ন ভিডিঅ’। কেতিয়াবা যদি গানৰ ভিডিঅ’ ভাইৰেল হয়, কেতিয়াবা ট্ৰ’লৰ সন্মুখীন হয় ৰাণু। শেহতীয়াকৈ ৰাণু মণ্ডলৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে। দেশত একপ্ৰকাৰ ট্ৰেণ্ডৰ সৃষ্টি কৰা এটা গীত গাই ভাইৰেল হ’ল ৰাণু।

এই গানটো কিছুদিন আগতে ভাইৰেল হৈ পৰিছিল। প্ৰতিজন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মুখে মুখে এই গানটো। গতিকে ৰাণু মণ্ডলেনো নোগোৱাকৈ থাকে কেনেকৈ! আহক শুনো কি গীত গালে ৰাণু মণ্ডলে।

 

Post a Comment

0 Comments