CAA বলৱৎ হ’লে অসমৰ ভাষা–সংস্কৃতি আৰু সমাজৰ কোনো ক্ষতি নহয়, বৰঞ্চ ৰাজ্যখন অধিক শক্তিশালীহে হ’ব : ভুবনেশ্বৰ কলিতা


 CAAৰ বিধি এতিয়া প্ৰণয়ন হৈ আছে, যিকোনো মুহূৰ্তত বলৱৎ হ’ব। CAA বলৱৎ হ’লে অসমৰ ভাষা, সংস্কৃতি আৰু সমাজৰ কোনো ক্ষতি নহয়, বৰঞ্চ ৰাজ্যখন অধিক শক্তিশালীহে হ’ব। নিউজ১৮ৰ সন্মুখত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্য সভাৰ সাংসদ ভূবনেশ্বৰ কলিতাই (Rajya Sabha MP Bhubneswar Kalita)।

বিজেপিৰ ৰাজ্য সভাৰ সাংসদগৰাকীয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। "নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ ‘কা’ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, ‘কা’ সংসদত গৃহীত হ’ল, বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত এতিয়া কাৰ্যকৰী হ’ব, ‘কা’ৰ বিধিবোৰ এতিয়া প্ৰণয়ন হৈ আছে, যিকোনো মুহূৰ্তত বলৱৎ হ’ব। এই মন্তব্য কৰে ৰাজ্য সভাৰ সাংসদগৰাকীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ যুটীয়া সংসদীয় কমিটীৰ সদস্য আছিল ভূৱনেশ্বৰ কলিতা। তেতিয়াই কংগ্ৰেছৰ সাংসদ হিচাপে বিধেয়কখনত কেইবাটাও সংশোধনী আনিছিল কলিতাই। কিন্তু তেতিয়া কংগ্ৰেছৰ সতীৰ্থ সাংসদে তাক বিৰোধিতা কৰি বিধেয়কখনকহে সমৰ্থন কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভূবনেশ্বৰ কলিতাই। ইফালে কংগ্ৰেছ দলটোত এতিয়া নেতাৰ অভাৱ হৈছে বুলি কয় দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে।

Post a Comment

0 Comments