বৰষুণৰ মাজত ভোগালী, ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ লগতে শিলাবৃষ্টি

 


বংগোপসাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত  আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে আগন্তুক দুই দিনলৈ অসমত ডাঠ কুঁৱালীৰ আশংকা প্ৰকাশ কৰিছিল বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।  অনুমান অনুযায়ী ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড শিল-বৰষুণ অহা দেখা গ'ল (Rain and hailstorms) ।

আজি নিশাৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে  বাক্সাৰ শালবাৰীত প্ৰচণ্ড শিলাবৃষ্টি হয়। শালবাৰীৰ খাৰিজা বিজনী, আনন্দ বজৰ, মানাহ , গোৱৰ্ধনা আদি অঞ্চলত মুষলধাৰ বৰষুণৰ সৈতে  শিলাবৃষ্টি হোৱাত কৃষিক্ষেত্ৰৰ বিস্তৰ ক্ষতি আংশকা কৰা হৈছে।

উল্লেখ্য, বংগোপ সাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলতে ভোগালী বিহু (Rain in Bhogali Bihu) সময়ত বৰষুণৰ প্ৰকোপ দেখা গৈছে। আনহাতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে দুটা দিনলৈ অসমত ডাঠ কুঁৱলী থাকিব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে 

Post a Comment

0 Comments