লিয়নেল মেছী কোৰোণাত আক্ৰান্ত। অনুৰাগীসকলে এই খবৰ আগতেই পাইছিল। উদ্বেগ বাঢ়িছিল অনুৰাগীসকলৰ। কিন্তু এতিয়া জনা গৈছে, মেছী কোৰোণামুক্ত হৈছে। সেয়াও মাত্ৰ তিনিদিনতে।
২ জানুৱাৰীত পিএছজিৰ ফালৰ পৰা জনোৱা হৈছিল, লিয়নেল মেছীসহ দলৰ মুঠ চাৰিজন ফুটবলাৰ কোৰোণাত আক্ৰান্ত। এতিয়া ক্লাবৰ ফালৰ পৰা জনোৱা হ’ল, মেছী কোৰোণামুক্ত। সেয়াও মাত্ৰ তিনিদিনত।
Paris Saint-Germainৰ ফালৰ পৰা জনোৱা হৈথে, লিয়নেল মেছীৰ দ্বিতীয় কোৰোণা ৰিপ’ৰ্ট নিগেটিভ আহিছে। মেছীৰ উপৰি জুৱান বাৰ্নাট, ছাৰ্জিঅ’ ৰিকো আৰু নেথন বিটুমাজালাৰ কোৰোণা ৰিপ’ৰ্ট পজিটিভ আহিছিল।
মেছীয়ে যেতিয়া আর্জেণ্টিনাত আছিল, তেতিয়া তেওঁৰ কোৰোণা ৰিপ’ৰ্ট পজিটিভ
আহিছিল। বুধবাৰে তেওঁ পেৰিছলৈ উভতিছে। পেৰিছলৈ অহাৰ পিছত তেওঁৰ কোৰোণা
পৰীক্ষা কৰা হয়, এই ৰিপ’ৰ্ট নিগেটিভ আহিছে।
0 Comments