জন্মৰ পিছতে হাস্পতালত ভৰ্তি প্ৰিয়ংকা চোপ্ৰাৰ কন্যাক! জানক ডাঙৰ কাৰণ

 


বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা (Priyanka Chopra) আৰু নিক জোনাছ (Nick Jonas)ৰ সংসাৰলৈ আহিছে নতুন সদস্য। প্ৰিয়ংকাই নিজৰ ছচিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰি জনাইছিল যে ছেৰোগেচীৰ মাধ্যমত তেওঁ মাতৃ হৈছে। তাৰ পিছত আনন্দিত হৈ পৰে প্ৰিয়ংকাৰ অনুৰাগীসকল। অনুৰাগীৰ লগতে বহু তাৰকায়ো প্ৰিয়ংকা আৰু নিকক পিতৃ–মাতৃৰ গৌৰৱ অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। জানিব পৰা মতে, শিশুটিৰ জন্ম সময়তকৈ ৩ মাহ পূৰ্বেই হৈছে।সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰায় ১২ সপ্তাহ পূৰ্বে নিজক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ জন্ম হৈছে ছেৰোগেচীৰ মাধ্যমেৰে। কিন্তু এতিয়ালৈ এই কথা নিশ্চিত হোৱা নাই। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, প্ৰিয়ংকা আৰু নিকৰ কন্যা ২৭ সপ্তাহত জন্ম হৈছে। বৰ্তমান নৱজাতক আৰু ছেৰোগেট মাতৃ কেলিফৰ্ণিয়াৰ এখন হাস্পতালত আছে। এয়া মহিলাগৰাকীৰ পঞ্চম ছেৰোগেচী। শিশুটিৰ জন্ম এপ্ৰিলত হ’বলগীয়া আছিল, কিন্তু প্ৰি–মেচ্যিউৰ ডেলিভাৰীৰ বাবে শিশুটিক বৰ্তমান হাস্পতালত ৰখা হৈছে।

উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল। কিছুদিন পূৰ্বে দুয়ো বেবী প্লেনিং কৰিছিল। এক ইভেণ্টত প্ৰিয়ংকাই কথাই কথাই নিজৰ সন্তানক লৈ ডাঙৰ কথা কৈ পেলাইছিল। যাৰ পিছতে মানুহে অনুমান কৰিবলৈ লয় যে তেওঁলোকে ফেমিলী প্লেনিং কৰি আছে আৰু শীঘ্ৰে পিতৃ–মাতৃ হ’বলৈ গৈ আছে।

Post a Comment

0 Comments