টেনিছ খেলুৱৈ নোভাক জকোভিচৰ এটা গোচৰৰ শুনানিৰ সময়ত ক'ৰ্টত চলিল পৰ্ন ভিডিঅ', কাণ্ড দেখি অবাক প্ৰত্যক্ষদৰ্শী

 


বিশ্বৰ শীৰ্ষৰ টেনিছ খেলুৱৈ নোভাক জকোভিচ (Novak Djokovic)ক অষ্ট্ৰেলিয়া চৰকাৰে আৰু দেশৰ পৰা নিৰ্বাসিত কৰিব নোৱাৰে। জকোভিচে অষ্ট্ৰেলিয়া চৰকাৰৰ বিৰুদ্ধে ভিছা বাতিলৰ গোচৰত জয় লাভ কৰে। জকোভিচৰ গোচৰৰ শুনানি অষ্ট্ৰেলিয়াৰ মেলবৰ্ন আদালতত হৈছিল। উল্লেখ্য, অষ্ট্ৰেলিয়ান অ'পেনৰ বাবে মেলবৰ্নত উপস্থিত হোৱাৰ পিছত অষ্ট্ৰেলিয়াই কোৰোনা ভেকছিন গ্ৰহণ নকৰাৰ বাবে তেওঁৰ ভিছা বাতিল কৰে আৰু তেওঁক মেলবৰ্নৰ এখন শৰণাৰ্থী হোটেললৈ (immigration detention hotel) প্ৰেৰণ কৰে।জকোভিচে অষ্ট্ৰেলিয়া চৰকাৰৰ পদক্ষেপক আদালতত প্ৰত্যাহ্বান জনাইছিল আৰু জয়লাভ কৰিছিল। কিন্তু ইয়াৰ মাজতে আদালতত এই গোচৰৰ শুনানি চলি থকা সময়ত ঘটে বিচূৰ্তি খাবলগীয়া ঘটনা। বহু লোক এনে এক অদ্ভুত মুহূৰ্তৰ সন্মুখীন হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাৰ্চুৱেলী জকোভিচৰ গোচৰটোৰ শুনানি চলি থাকোঁকে মেলবৰ্ন আদালতৰ গোচৰৰ লাইভ ষ্ট্ৰীমিং হাইজেক কৰা হয়। জকোভিচৰ গোচৰৰ শুনানিৰ সমান্তৰালভাৱে স্ক্ৰীনত ওলাই পৰ্ন ফিল্ম ( Djokovic’s hearing was hijacked by viewers to play porn)।

মাইক্ৰ'ছফ্ট টীম লিংকৰ জৰিয়তে মানুহে এই শুনানি প্ৰত্যক্ষ কৰি থাকোঁতে এনে ঘটনা ঘটে। ফক্স স্পৰ্টছৰ প্ৰতিবেদন অনুসৰি, লাইভ ফীড প্ৰায়ে ক্ৰেছ হৈছিল। শেষত গোচৰটোৰ শুনানিৰ বাবে এটা নতুন লিংক সৃষ্টি কৰা হৈছিল। অৱশ্যে, নতুন লিংকটোৰ বিষয়ে আপডেট দিয়াৰ পিছতো কিছুমান ব্যৱহাৰকাৰীয়ে শুনানিৰ বাবে দিয়া পূৰ্বৱৰ্তী লিংকটো খোলে।

Post a Comment

0 Comments