ইংৰাজীত এম এ পাছ চোৰ! জেৰাৰ সময়ত চোৰৰ বিষয়ে জানি হতভম্ব আৰক্ষী
-
January 11, 2022
শক্তি বিভাগৰ কৰ্মীৰ ঘৰত চুৰি হৈছিল। চুৰিৰ তদন্তত নামি চোৰক গ্ৰেপ্তাৰ
কৰিলে আৰক্ষীয়ে। ইমানলৈ সকলো ঠিকেই আছিল। আৰক্ষী বিষয়ায়ো ভাবিছিল, আৰু আন
চুৰিৰ ঘটনাৰ দৰেই ঘটনা এয়া। কিন্তু চোৰক জেৰা কৰিবলৈ গৈ হতভম্ব হৈ পৰিল
আৰক্ষী বিষয়া। ধৃত চোৰ ইংৰাজীত এম এ পাছ!ঘটনাটো পশ্চিম বংগৰ ঘাটালৰ। আৰক্ষীয়ে জনাইছে, ধৃত চোৰটোৰ নাম সৌমাল্য
চৌধুৰী। পশ্চিম বংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম এ পাছ, লগতে
যুৱকজন খড়গপুৰৰ দক্ষিণ পূব ৰে’লৱেত অস্থায়ী কৰ্মী হিচাপে চাকৰিও কৰে।
তেওঁৰ পিতৃয়ে গড়কাপ্টানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
জেৰাত
সৌমাল্যই জনাইছে, পূৰ্বে তেওঁ আছিল আছোনছোলত। তাৰ পৰাই তেওঁৰ পিতৃয়ে
বিভিন্ন স্থানত যোগাযোগ কৰি ৰে’লৰ অস্থায়ী কৰ্মী হিচাপে কামত নিয়োগ কৰাই
দিছিল। কিন্তু সেই কাম ভাল লগা নাছিল। আছোনছোলত থাকোতে স্থানীয় কেইবাজনো
দুৰ্বৃত্তৰ সৈতে চুৰি বিদ্যাত হাত দিয়ে সৌমাল্যই। চুৰিবিদ্যাত নিজৰ
দক্ষতাৰ কথা বুজাবলৈ গৈ সৌমাল্যই আৰক্ষীক জনায় যে এতিয়ালৈ তেওঁ ১৭০টা
চুৰিকাণ্ড সংঘটিত কৰিছে।
কিছুমাহ পূৰ্বে হাওৰা আন্দুলৰ এটা ফ্লেটৰ
পৰা ১০ লাখ টকাৰ সোণৰ গহণা চুৰি কৰাত সৌমাল্যক পাঁচকুৰাৰ পৰা গ্ৰেপ্তাৰ
কৰে সাকৰাইল থানাৰ আৰক্ষীয়ে। ঘাটাল আদালত হাজিৰ কৰোৱাৰ পিছত সৌমাল্যক পাঁচ
দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে। আৰক্ষীয়ে ঘটনাৰ তদন্ত
অব্যাহত ৰাখিছে।
0 Comments