মাৰ্চৰ পূৰ্বে কৰি লওক এই কাম, মোদী চৰকাৰে চিধাই আপোনাৰ একাউণ্টলৈ পঠিয়াব ১০ হাজাৰ টকা


  কেন্দ্ৰীয় চৰকাৰে দেশৰ দুখীয়া লোকৰ বাবে কেইবাখনো আঁচনি যুগুত কৰিছে। আজি আমি আপোনাক কেন্দ্ৰীয় চৰকাৰৰ এক এনে আঁচনিৰ বিষয়ে নাম, য’ত চৰকাৰে প্ৰয়োজন থকা লোকক ১০,০০০ টকাকৈ প্ৰদান কৰিব।কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নাম পিএম স্বনিধি যোজনা। যাৰ জৰিয়তে চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰক ১০ হাজাৰ টকা লোণ হিচাপে প্ৰদান কৰিব। এই ঋণৰ বাবে আপুনি কোনো গেৰাণ্টী দিয়াৰ প্ৰয়োজন নাই। যদি আপুনি লোণৰ ধন সময়ত পৰিশোধ কৰে তেন্তে আপোনাক চৰকাৰে ৰাজসাহায্যৰ সুবিধাও প্ৰদান কৰিব।এই আঁচনিৰ সুবিধা নাপিতৰ দোকান, মুচী, পাণৱালা, ধোবা, ফল বিক্ৰেচা, পাচলি বিক্ৰেতা, ৰেডী টু ইট ষ্ট্ৰীট ফুড, চাহৰ ঢেলা বা গুণ্টিৰ গৰাকী, ব্ৰেড পকোৰা বা কণী বিক্ৰেতা, ফেৰীৱালা, ষ্টেচনাৰী বিক্ৰেতা আদিয়ে লাভ কৰিব।প্ৰথমে লোণ লোৱাসকলে নিজৰ ম’বাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাটো প্ৰয়োজনীয়। এই লোণ সেইসকলেহে পাব যিসকলে ২৪ মাৰ্চ ২০২০ বা তাৰ পূৰ্বে এনেধৰণৰ কামত নিয়োজিত আছিল। এই ঋণ মাৰ্ত ২০২২লৈ থাকিব আৰু যিসকলক প্ৰয়োজনীয় তেওঁলোকে এই কাম কৰি লওক।

Post a Comment

0 Comments