Modi inaugurates Netaji Statue: ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ হলোগ্ৰাম মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

 


নেতাজী সুভাষ চন্দ্ৰ বসু (Subhas Chandra Bose)ৰ ১২৫সংখ্যক জয়ন্তী (Parakram Diwas) উপলক্ষে নেতাজীৰ গ্ৰেনাইট মূৰ্তি ইণ্ডিয়া গেট (India Gat)ত স্থাপন কৰা হ'ব। এই মূল মূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে একেধৰণৰ হলোগ্ৰাম মূৰ্তি (Hologram statue) এটা ঠাইখিনিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজীৰ জয়ন্তীত সন্ধিয়া প্ৰায় ৬.৪০ বজাত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰে (Modi inaugurates Netaji Statue)। অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো (Amit Shah) উপস্থিত থাকে।

দেওবাৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰত মাতৃৰ সাহসী পুত্ৰ নেতাজীক শতকোটি প্ৰণাম। আজিৰ দিনটো এক ঐতিহাসিক দিন। এই মূৰ্তিটো সমগ্ৰ দেশতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।'' প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজী হৈছে দেশপ্ৰেমৰ সৰ্বকালৰ প্ৰতীক।

নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, "নেতাজী হৈছে সেইজন ব্যক্তি, যিয়ে ব্ৰিটিছসকলক কৈছিল ভিক্ষা খোজা নহ'ব, স্বাধীনতা অৰ্জন কৰা হ'ব। এইটো দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ পিছত বহুতো মহান দেশপ্ৰেমীৰ ত্যাগ মচি পেলাবলৈ চেষ্টা কৰা হৈছে। এই মূৰ্তিটো স্বাধীনতাৰ নায়কৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।"

Post a Comment

0 Comments