কণ্ডমৰ ওপৰত কৰ আৰোপ কৰিলে ইমৰান খান চৰকাৰে, বিৰোধীয়ে ক'লে- তিনিগৰাকীকৈ পত্নী থকা লোকৰ পৰা এইটো আশা কৰা নাছিলো

 


পাকিস্তানৰ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলাৱল ভট্টো জৰ্দাৰীয়ে বুধবাৰে মিনি বাজেটৰ সময়ত সংসদত ইমৰান খান চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিলাৱলে কয় যে, ইমৰাণ খান চৰকাৰে টেক্সৰ ছুনামী আনিছে। কণ্ডমৰ ওপৰতো টেক্স লগোৱা হৈছে। এগৰাকী খেলুৱৈৰ পৰা এইটো আশা কৰা নাছিলো।

বুধবাৰে নেচনেল এচেম্বলীত বিত্ত বিধেয়ক ২০২১ৰ অধীনত ইমৰাণ খান চৰকাৰে ১৪৪ বিধ সামগ্ৰীৰ ওপৰত ১৭ শতাংশ জিএছটি আৰোপ কৰিছে। ইয়াত গৰ্ভনিৰোধক টেবলেট আৰু কণ্ডমো আছে। এইলৈ বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰে।

উল্লেখ্য যে, ইমৰান খান তেওঁৰ ব্যক্তিগত জীৱনত প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁৰ 'প্লেবয়' প্ৰতিচ্ছবিৰ বাবে বিখ্যাত আছিল। ইমৰানৰ আনুষ্ঠানিকভাৱে ৩খন বিবাহ হৈছে। কিন্তু বহুতো মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে বুলি অভিযোগ আছে।

ইমৰান খানৰ শেহতীয়া ধৰ্ষণৰ বিবৃতি সন্দৰ্ভত পাকিস্তানী বংশোদ্ভূত লেখক তাৰিক ফাতাহে কৈছিল, 'পাকিস্তানৰ প্ৰধানমন্ত্ৰীক লগ কৰক। সমগ্ৰ বিশ্বতে মহিলাৰ বিৰুদ্ধে অগণন যৌন কাৰ্য্য কৰা ইমৰান খান বৰ্তমান তেওঁৰ তৃতীয় পত্নীৰ সৈতে আছে। তেওঁ নিজৰ দেশৰ মহিলাক ধৰ্ষণৰ পৰা বাছিবলৈ বোৰ্খা পিন্ধিবলৈ পৰামৰ্শ দিয়ে।'

Post a Comment

0 Comments