যোৰহাটত অ’এনজিচিৰ তেল চুৰিৰ ভয়ংকৰ কাণ্ড, তেল চুৰি চক্ৰৰ সৈতে জড়িত আছে কোন?


 বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য।যোৰহাটত অ’এনজিচিৰ খাৰুৱা তেল চুৰিৰ এক বৃহৎ চক্ৰৰ তথ্য পুনৰ পোহৰলৈ আহিছে। বৰহোলাৰ পিছত এইবাৰ যোৰহাটৰ তিমতিমিয়াত খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল চুৰি কৰি অহাৰ তথ্য ফাদিল হৈছে শনিবাৰে অঞ্চলটোত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত। এই ঘটনা পোহৰলৈ অহাৰ পিছত বৰ্তমান অ’এনজিচিৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি হৈছে। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে এই তেল চুৰি চক্ৰৰ ওপৰত তদন্ত আৰম্ভ কৰিছে আৰু কেইবাগৰাকী লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য। বৰহোলা স্থিত অএনজিচিৰ জিজিএছৰ পৰা যোৰহাটৰ চাৰিগাঁওস্থিত অইলৰ চিটিএফলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইনত বিশেষ ভালভ বহুৱাই চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত উজনি তিমতিমিয়াৰ আহুতলি পথাৰত দুষ্টচক্ৰই তেল চুৰি কৰি আহিছিল। অগ্নিকাণ্ডৰ পিছত কৰা অনুসন্ধানত তেল পৰিবাহী পাইপলাইনত স্থাপন কৰা এটা বিশেষ ভালভ পোৱা গৈছে। তেলচোৰৰ দলে বহুৱাই লোৱা এই ভালভৰ জৰিয়তে আন এডাল পাইপেৰে কিছু নিলগলৈ উলিয়াই নিয়া হৈছিল খাৰুৱা তেল। আৰু এই খাৰুৱা তেলৰ পৰাই শনিবাৰে পুৱা অঞ্চলটোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

Post a Comment

0 Comments