অসমত মুঠ ৯ গৰাকী লোক অমিক্ৰণত আক্ৰান্ত। ইয়াৰে তিনিগৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল আলতাভ হুছেইন। তেওঁ ইতিমধ্যে সুস্থ হৈ নিজ গৃহলৈ উভতিছে। আনহাতে চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনৰো কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।
0 Comments