গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, কমেও ৪০ জনক চিকিৎসালয়ত ভৰ্তি

 


পশ্চিমবংগৰ দোমোহনীত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হৈছে ৷ চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ ৪০ জনৰো অধিক যাত্ৰী চিকিৎসাধীন হৈ আছে৷ আহতসকলৰ ২৮ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটী হস্পিটেলত (Guwahati Bikaner Express Accident) ভৰ্তি কৰোৱা হৈছে আৰু আন ৭ জন উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় আৰু মাইনাগুড়ি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ৰে'লৱে বিভাগে জনাইছে যে দুৰ্ঘটনাগ্ৰস্ত (North Bengal Train Accident) ৰে'লখনৰ ডবাৰ পৰা সকলো যাত্ৰীক উদ্ধাৰ কৰা হৈছে৷ পুৱাৰে পৰা দুৰ্ঘটনাগ্ৰস্ত ডবাবোৰ ৰে'ললাইনৰ পৰা আঁতৰাবলৈ কাম আৰম্ভ হৈছিল৷ ডবাৰ ভিতৰত আৰু কোনো যাত্ৰী আৱদ্ধ হৈ আছে নেকি সেয়াও তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে ৷

Post a Comment

0 Comments