আজি ওলাব কোভিডৰ নতুন SOP, কি নিষেধাজ্ঞা আহিব? লকডাউন হ'ব নেকি? কি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈছে ৰাজ্য চৰকাৰ। বিগত কেইটামান দিন ধৰি কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীৰ (Guwahati) লগতে ৰাজ্যৰ আন প্ৰান্ততো। সেয়েহে এতিয়া নতুন SOP প্ৰকাশ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। বৃহস্পতিবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কয় যে শুকুৰবাৰে ওলাব নতুন SOP। বৃহস্পতিবাৰে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৈছিল, ‘‘বিহু ৰাইজে ঘৰত পাতিব, কিন্তু বজাৰ কৰিব যাওঁতে সাৱধান হ’ব লাগিব। সকলো শ্ৰেণীৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ নতুন SOP ওলাব। কিন্তু লকডাউন নহয়, হয়তো সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।’’

Post a Comment

0 Comments