দেশৰ নিৰ্বাচন আয়োগে ২০২১ৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহুকেইটা শিতানত বঁটা ঘোষণা কৰিছে ৷ অহা ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দিল্লীৰ অশোকা হোটেলত প্ৰদান কৰিব ঘোষিত বঁটাসমূহ (National Award to State Election Commission) ৷ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাইৰেৰ নেতৃত্বত ২০২১ৰ বিধানসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে 'বেষ্ট পাৰ্ফৰ্মিং ষ্টেট' শিতানত অসমে লাভ কৰিছে 'বেষ্ট ইলেক্টৰেল প্ৰেক্টিচেছ এৱাৰ্ড ২০২১' ৷ একেদৰে নিৰ্বাচনৰ সময়ত আইন শৃংখলা পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে IGP দীপক কুমাৰ কেডিয়ালৈ সুৰক্ষা পৰিচালনা শিতানত আগবঢ়োৱা হৈছে বঁটা ৷
ইয়াৰ লগতে গোৱালপাৰা জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী
ডেকাও আছে বঁটা প্ৰাপকৰ তালিকাত ৷ নিৰ্বাচনৰ সময়ছোৱাত ভোটাৰৰ মাজত সজাগতা
সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হৈছে কাছাৰ জিলাৰ উপায়ুক্ত তথা
জিলাখনৰ নিৰ্বাচনী বিষয়া কীৰ্থি জলী ৷ আনহাতে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ
বাবে লোৱা পদক্ষেপৰ বাবে অল ইণ্ডিয়া ৰেডিঅ' অসম প্ৰান্তৰ নিউজ এডিটৰ মানস
প্ৰতীম শৰ্মাৰো নাম ৰাষ্ট্ৰীয় বঁটাৰ বাবে ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷
0 Comments