সোণাৰিত পিষ্টল দেখুৱাই নগাই নিয়ে গৰু-ম'হ, অসমৰ মাটিত নগাৰ তাণ্ডৱ অব্যাহত


অসমৰ বিভিন্ন প্ৰান্তত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন-সন্ত্ৰাসৰ বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে চৰাইদেউ জিলাতো ধাৰাবাহিকভাৱে নগাই অনুৰূপ ঘটনা সংঘটিত কৰি অহাত জিলাবাসী অতিষ্ঠ হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা নাগালেণ্ডৰ পৰা নগা দুষ্কৃতিকাৰীয়ে (Naga Miscreants) বনাঞ্চলখনত গছ-গছনি কাটি সংকুচিত কৰি অসমৰ মাটিত অনাধিকাৰ প্ৰৱেশ কৰি অসমীয়া লোকক মাৰপিট কৰি লুট-পাত চলোৱা কার্য সাধাৰণ কথাত পৰিণত হৈছে।


জিলাখনৰ সদৰ সোণাৰিৰ (Sonari) সীমামূৰীয়া নগানদী বনগাঁওত যোৱা কিছুদিন ধৰি নগা দুষ্কৃতিকাৰীৰ দল এটাই প্ৰৱেশ কৰি অসমৰ ৰাইজৰ পশুধন কাঢ়ি নিয়াৰ লগতে ধন-সম্পত্তি লুট কৰি নিয়া বুলি জানিব পৰা গৈছে।  যোৱা এটা মাহ পূৰ্বে অঞ্চলটোৰ জনৈক লক্ষেশ্বৰ নামৰ লোকজনৰ দহটাকৈ ম'হ নগাই চুৰ কৰি লৈ গৈছিল ।


অৱশ্যে পাছত চৰাইদেউ আৰক্ষীৰ তৎপৰতাত আটাইকেইটা ম'হ চুবুৰীয়া ৰাজ্যখনৰ মন জিলাত উদ্ধাৰ হয় । ইয়াৰ কেইদিনমান পাছতে গাঁওখনৰ নিৱাসী ভূপেন বাউৰী , শংকৰ সাহানি আৰু সীমান্ত বৰাৰ ঘৰত হাতে হাতে মাৰণাস্ত্ৰ লৈ পাঁচজনীয়া নগা দুৰ্বৃত্তৰ দল এটাই প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি তেওঁলোকৰ মুঠ সাতটাকৈ গৰু বলপূৰ্বক লুট কৰি নিয়ে (Naga Miscreants Threatens Assamese) ।


ইয়াৰ কিছুদিন পূৰ্বে অঞ্চলটোৰপৰা ক্ৰমে বীৰেন মুণ্ডা , মাটু মুণ্ডা , সৰু ওৰাং আৰু সাধু ভূমিজৰ পোন্ধৰটাৰো অধিক গৰু মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভয় -ভাবুকিৰে নগাই লৈ যোৱাৰ পাছত আজি গাঁওখনৰ ছুটু ওৰাং নামৰ লোকজনৰ এটা গৰু পোৱালিসহ ঘৰৰ সমীপতে এৰাল দি ৰখা অৱস্থাত অন্তৰ্ধান হয়। নগাই চুৰ কৰি নিয়া বুলি নিশ্চিত হৈ গাঁওৰ অৰ্ধশতাধিক লোক হাতে গাতে কেটেপা, লাঠী আদি লৈ গৈ বনাঞ্চলখনত প্ৰৱেশ কৰে । গাঁওবাসীৰ উগ্রমূৰ্তি ৰূপ দেখি নগা চোৰৰ দলটোৱে বনাঞ্চলখনত পোৱালিসহ গৰুটো বনাঞ্চলখনত এৰি তাৰ পৰা উধাও হয়।

Post a Comment

0 Comments