মৰ্মান্তিক! অকলশৰীয়া হৈ পৰিল এটি দুৰ্ভগীয়া কণমানি! মাত্ৰ এসপ্তাহৰ ব্যৱধানত হেৰুৱালে পিতৃ-মাতৃক

 


সঁচাকৈ কাৰ জীৱনলৈ কেতিয়া কি আছে কোনেও ক'ব নোৱাৰে। মাত্ৰ এসপ্তাহৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱাই এতিয়া অকলশৰীয়া হৈ পৰিল এটি কণমানি। হঠাত্‍ যেন ছাৰখাৰ হৈ গ'ল এটি পৰিয়াল। এক শোকাৱহ ঘটনাই জোকাৰি গ'ল মৰিয়নি। এসপ্তাহৰ ব্যৱধানত মৃত্যুক সাৱটিলে দুই স্বামী-স্ত্ৰীয়ে।

যোৱা ২৩ জানুৱাৰীত মৃত্যু হৈছিল মৰিয়নিৰ নকছাৰীৰ গৱেষক ড০ জিণ্টু হাজৰিকা। জিণ্টু হাজৰিকাই ইহ সংসাৰত এৰি থৈ গৈছিল তেওঁৰ পত্নী আৰু একমাত্ৰ পুত্ৰক। কিন্তু মাত্ৰ এসপ্তাহৰ ব্যৱধানতে আকস্মিক ভাবে মৃত্যুক সাৱটি লয় জিণ্টু হাজৰিকাৰ পত্নী মৌচুমী গগৈয়েও। ফলত এতিয়া একেবাৰেই অকলশৰীয়া হৈ পৰিল তেওঁলোকৰ ১০ বছৰীয়া পুত্ৰ।

জানিব পৰা মতে, কিছুদিনৰ পৰা হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল মৌচুমী গগৈ। এই ঘটনাই এতিয়া সমগ্ৰ মৰিয়নিতে শোকৰ ছাঁ পেলাইছে। মাত্ৰ ছটা দিনৰ ব্যৱধানতে পিতৃ-মাতৃক হেৰুৱালে দুৰ্ভগীয়া কণমানিটোৱে।

Post a Comment

0 Comments