অচিৰেই চীনৰ PLAই ঘৰলৈ ঘূৰাই পঠাব অৰুণাচল প্ৰদেশৰ চীন সীমান্তত সন্ধানহীন হোৱা কিশোৰ মীৰাম তাৰাউনক


 ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা চীনৰ পিএলএ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু পিএলএৰ তৰফৰ পৰা কিশোৰজনৰ অৱস্থিতি নিশ্চিত কৰি যাৱতীয় প্ৰক্ৰিয়াৰ দ্বাৰা কিশোৰজনক ভাৰতীয় সেনাক গতাই দিয়াৰ নিশ্চিতি প্ৰদান কৰা হৈছিল।

ভাৰত-চীন সীমান্তত যোৱা ১৮ জানুৱাৰীত সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰীৰ জিৰ' গাঁৱৰ ১৭ বছৰীয়া কিশোৰ মীৰাম তাৰাউনক অচিৰেই ঘৰলৈ ঘূৰাই পঠাব চীনৰ পিপলছ লিবাৰেচন আৰ্মী ( পিএলএ )ই। অৰুণাচল প্ৰদেশৰ জিৰ' গাঁৱৰ এজন কিশোৰ ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হোৱাৰ পিছত পিএলএই কৰায়ত্ত কৰা বুলি যোৱা ২০ জানুৱাৰীত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছতে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা চীনৰ পিএলএ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু পিএলএৰ তৰফৰ পৰা কিশোৰজনৰ অৱস্থিতি নিশ্চিত কৰি যাৱতীয় প্ৰক্ৰিয়াৰ দ্বাৰা কিশোৰজনক ভাৰতীয় সেনাক গতাই দিয়াৰ নিশ্চিতি প্ৰদান কৰা হৈছিল।

Post a Comment

0 Comments