ব্ৰেকআপ হ'ল নেকি মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ, কিয় ঘৰৰ পৰা ওলোৱা নাই মালাইকা?


"ছয় দিনতকৈও অধিক সময় হ'ল, মালাইকা অৰোৰাই তাইৰ ঘৰৰ পৰা ওলোৱা নাই। তাই সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। কোৱা হৈছে যে মালাইকা অত্যন্ত দুখী আৰু কিছু সময়ৰ বাবে লোক সমাগমৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। আনহাতে অৰ্জুন কাপুৰেও এইকেইদিনত মালাইকাক এবাৰো লগ কৰা নাই।"

এনেকুৱা লাগিছে যে মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ (Malaika Arora and Arjun Kapoor)ৰ মাজত বিচ্ছেদ হ'বলৈ গৈ আছে। শেহতীয়া এক খবৰ অনুসৰি প্ৰায় চাৰি বছৰ একেলগে থকাৰ পিছত মালাইকা আৰু অৰ্জুনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ ডেটিঙৰ উৰাবাতৰি আৰম্ভ হোৱাৰ দিনৰে পৰা দুয়োজন চৰ্চাৰ শিৰোনাম দখল কৰি আছিল। তাৰ পিছতে দুয়োজনে নিজ নিজ ইনষ্টাগ্ৰাম হেণ্ডেলত ইজনে সিজনৰ সৈতে প্ৰিয় মুহূৰ্তৰ ছবি পোষ্ট কৰি ইয়াক অফিচিয়েল কৰি তুলিছিল।

BollywoodLife.comৰ মতে, দম্পতীটোৱে এতিয়া তেওঁলোকৰ চাৰি বছৰীয়া ৰোমান্টিক সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। "ছয় দিনতকৈও অধিক সময় হ'ল, মালাইকা অৰোৰাই তাইৰ ঘৰৰ পৰা ওলোৱা নাই। তাই সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। কোৱা হৈছে যে মালাইকা অত্যন্ত দুখী আৰু কিছু সময়ৰ বাবে লোক সমাগমৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। আনহাতে অৰ্জুন কাপুৰেও এইকেইদিনত মালাইকাক এবাৰো লগ কৰা নাই। দৰাচলতে অৰ্জুনক মাত্ৰ তিনিদিন আগতে ভগ্নী ৰিয়া কাপুৰ (Rhea Kapoor)ৰ ঘৰত ৰাতিৰ আহাৰৰ বাবে দেখা গৈছিল। ৰিয়াৰ ঘৰটো মালাইকাৰ ঘৰৰ অত্যন্ত ওচৰত আৰু তৎসত্বেও অৰ্জুন কাপুৰে ৰাতিৰ আহাৰৰ পিছত মালাইকাক লগ কৰিবলৈ যোৱা নাছিল। মালাইকাই সাধাৰণতে অৰ্জুনৰ সৈতে এই পাৰিবাৰিক নৈশ ভোজত উপস্থিত থাকে কিন্তু এইবাৰ তেওঁক অৰ্জুনৰ সৈতে দেখা পোৱা নাছিল," এক সূত্ৰই পৰ্টেলটোক জনায়

অৰ্জুন-মালাইকাই  অলপতে মালদ্বীপলৈ গৈ সমুদ্ৰ তীৰৰ পৰা তেওঁলোকৰ আকৰ্ষণীয় ৰোমাণ্টিক ছবি শ্বেয়াৰ কৰি ব্ৰেকআপৰ উৰাবাতৰিৰ অন্ত পেলাইছিল। মালাইকা আৰু অৰ্জুনে প্ৰায়ে তেওঁলোকৰ বোল্ড ছবিৰে সামাজিক মাধ্যমত গুঞ্জন সৃষ্টি কৰি থাকে। বহুতো অনুমান আৰু উৰাবাতৰিৰ পিছত অৱশেষত 2019 চনত দুয়োজনে প্ৰেমৰ সম্পৰ্কৰ কথা নিশ্চিত কৰিছিল। মালাইকাই ইয়াৰ আগতে ১৯৯৮ চনৰ পৰা ২০১৬ চনলৈ অভিনেতা আৰবাজ খান (Arbaaz Khan)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু একেলগে তেওঁৰ এটা পুত্ৰ সন্তানো আছে।

Post a Comment

0 Comments