পলায়নৰ চেষ্টা কৰোতে এইবাৰ আৰক্ষীৰ গুলীত আহত হ'ল গাঞ্জা কঢ়িয়াই অনা ট্ৰাকৰ চালক ..


 কোকৰাঝাৰত আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ প্ৰচেষ্টা চলোৱা গাঞ্জা কঢ়িয়াই নিয়া বাহনৰ চালকলৈ আৰক্ষীৰ গুলীচালনা। জব্দ প্ৰায় ডেৰকোটি টকা মূল্যৰ গাঞ্জাৰ টোপোলা।

ৰাজ্যজুৰি আৰক্ষীৰ এনকাউন্টাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কালি কোকৰাঝাৰত পুনৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় এগৰাকী গাঞ্জা সৰবৰাহ কৰাত জড়িত ট্ৰাকচালক । আৰক্ষীৰ গুলীত আহত হোৱা ট্ৰাক চালক গৰাকী হৈছে বিহাৰৰ চাপ্ৰা জিলাৰ সঞ্জীত কুমাৰ(২৩)৷ আজি কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই জানিব দিয়ে যে কালি সন্ধিয়া  গুৱাহাটীৰ পৰা বিহাৰ অভিমুখী এনএল-০১ কিউ-৮৮৭৮ নম্বৰৰ ট্ৰাকখনত সন্দেহবশতঃ তালাচী চলোৱাত গাড়ীৰ ভিতৰত কৌশলেৰে চেম্বাৰ বনাই  ৭০টা টোপোলাত প্ৰায় ৬৮৫ কিলোগ্ৰাম ওজনৰ গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে অধিক জেৰা কৰাত ট্ৰাক চালক বিহাৰৰ চাপ্ৰা জিলাৰ সঞ্জীত কুমাৰে(২৩) স্বীকাৰ কৰে যে ছেৰফাংগুৰিত আৰু কিছু পেকেট লুকাই থোৱা বুলি জানিব দিয়ে । সেই মৰ্মে আৰক্ষীয়ে চালক সঞ্জীতক লৈ উক্ত পেকেটবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেনেকুৱাতে কৰ্তব্যত নিয়োজিত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও তেওঁ নুশুনিলে ৷ ফলত আৰক্ষীয়ে বাধ্য হৈ সঞ্জীত কুমাৰক গুলী কৰে আৰু উক্ত গুলী সোঁভৰিত লগাত আহত হয় ৷ পিচত  নিশাই আহত সঞ্জীতক কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থাৰ অধিক অৱনতি ঘটাত নিশাই বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

Post a Comment

0 Comments