জানক অমিক্ৰনৰ ২০টা লক্ষণৰ বিষয়ে, কিমান দিনলৈ থাকে শৰীৰত

 


Omicron Symptoms : কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাই বৰ্তমান উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। কোৰোণাৰ অধিক সংখ্যক ৰোগী অমিক্ৰন ভেৰিয়েণ্টত সংক্ৰমিত। অমিক্ৰনৰ লক্ষণত কেইবাটাও সালসলনি লক্ষ্য কৰা হৈছে। প্ৰতিজন ৰোগীৰ এই লক্ষণ বেলেগ বেলেগ দেখা গৈছে। UKৰ ZOE কোভিড ষ্টাডীত অমিক্ৰনৰ সকলো ২০টা লক্ষণৰ বিষয়ে সদৰি কৰা হৈছে। লগতে এয়াও কোৱা হৈছে যে শৰীৰত এই লক্ষণ কিমান দিন থাকে। অমিক্ৰনৰ অধিকসংখ্যক ৰোগীৰ ইয়াৰ ভিতৰত অধিকাংশ লক্ষণ দেখা গৈছে।

অমিক্ৰনৰ ২০টা লক্ষণ :
  মূৰৰ বিষ, নাক বোৱা, ভাগৰুৱা,হাঁচি অহা,ডিঙিৰ সুৰসুৰনি,কাহ,কণ্ঠস্বৰ সলনি হোৱা, ঠাণ্ডা লগা বা কঁপন, জ্বৰ,মূৰ ঘূৰণি,ব্ৰেন ফগ, সুগন্ধ সলনি হোৱা, চকুৰ বিষ, মাংসপেশীৰ বিষ, ভোক নলগা, গোন্ধ নোপোৱা,বুকুৰ বিষ, গ্ৰন্থি ফুলি যোৱা, দুৰ্বল ভাৱ, ছালৰ সংক্ৰমণ

Post a Comment

0 Comments