ফটা চুৱেটাৰ আৰু শ্বল পিন্ধা কৰণ জোহৰক দেখি অনুৰাগী আচৰিত, 'ফটুৱা ষ্টাইল' বুলি কৰণক উপলুঙা

 


কৰণ জোহৰে (Karan Johar) তেওঁৰ ফেশ্বন চেন্সৰ বাবে বৰ্তমান শিৰোনাম দখল কৰিছে। কৰণে বহুবাৰ এনেধৰণৰ কিছুমান অদ্ভূত কাপোৰ পিন্ধে যাৰবাবে তেওঁ ট্ৰ'লৰ চিকাৰ হয়। বৰ্তমান নৱবৰ্ষৰ আৰম্ভণিৰ দিনাই কৰণে কিছুমান ফটো শ্বেয়াৰ কৰিছে যিবোৰ দেখি অনুৰাগীসকলে তেওঁক বৰ বেয়াকৈ উপহাস কৰিছে। 

কৰণ জোহৰ (Karan Johar) হৈছে বলীউডৰ এজন বিখ্যাত প্ৰযোজক যি প্ৰায়ে তেওঁৰ ছবিসমূহৰ বাবেই হওক বা তেওঁৰ বক্তব্যৰ বাবেই হওক নাইবা সামাজিক মাধ্যমৰ পোষ্টবোৰৰ বাবে প্ৰায়ে চৰ্চাত থাকে। কৰণ জোহৰে নতুন বছৰৰ প্ৰথম দিনাই এটা অদ্ভুত ধৰণৰ পোছাক পৰিধান কৰি তেওঁৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল। ছচিয়েল মিডিয়া য়ুজাৰসকলে সেই ফটোবোৰ দেখাৰৰ পিছত তেওঁক ট্ৰ'ল খুব কৰা দেখা গৈছে।

কৰণ জোহৰে (Karan Johar) তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন বা দুখন নহয় মুঠ পাঁচখন ফটো শ্বেয়াৰ কৰিছিল। কৰণক এই ছবিবোৰত বেলেগ ধৰণে পোজ দিয়া দেখা গৈছে।  

কৰণ জোহৰে ক'লা টি-চাৰ্টৰ সৈতে এটা ৰঙা চুৱেটাৰ পিন্ধিছে। লগতে, তেওঁ এখন ক'লা ৰঙৰ শ্বল গাত লৈ আছে য'ত তেওঁৰ হাতদুখন দেখা পোৱা নাই। 

এই ফটোবোৰ শ্বেয়াৰ কৰি কৰণে কেপছনত লিখিছে, 'সকলোতকৈ ভব্য প্ৰবাস... সৰ্বশ্ৰেষ্ঠ আতিথ্য,সৰ্বোত্তম আহাৰ আৰু সৰ্বোত্তম সম্পত্তি যি আপোনাক কোনো হোটেলতহে পোৱা যাব'। তেওঁ ইয়াৰ লগতে সূৰ্যগড় হোটেলক টেগ কৰি হোটেলখনৰ প্ৰতি প্ৰশংসা জাহিৰ কৰে। কৰণে ইয়াৰ পিছত লিখে, এই প্ৰবাসটো ইমান সুন্দৰকৈ নিৰ্মাণ কৰা সকলোলৈকে ধন্যবাদ।'

Post a Comment

0 Comments