জানুৱাৰীটো এক বিশেষ মাহ- কিয়নো অধিক শিহৰণ আৰু উত্তেজনাৰ সৈতে উভতি আহিছে BYJUSYoungGenius2


 এই অনুষ্ঠানটো এই চমৎকাৰী কিশোৰসকলৰ বাবে তেওঁলোকৰ অনন্য দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ। ৰথম ছীজনত এক আশ্চৰ্যকৰ সফলতা আৰু অনেক প্ৰশংসা লাভ কৰাৰ পাছত,  News 18 উভতি আহিছে BYJU'S Young Genius season2-ৰ সৈতে, য’ত আপুনি আগতে কেতিয়াও নেদেখা বিস্ময়কৰ শিশুসকলক দেখিবলৈ পাব।

আপুনি যেতিয়া মঞ্চলৈ উৎসাহ, উত্তেজনা, সফলতা আৰু অনেক শক্তি আনি গোট খুৱায়, তেতিয়া কি হয়? হয়, শুদ্ধ উত্তৰটো হৈছে- শিশু; আৰু এখোজ আগুৱাই যদি অনুমান কৰে, তেন্তে উত্তৰটো হৈছে- ইয়ং জিনিয়াছ। এছিয়াৰ শ্ৰেষ্ঠ শিশু কাৰ্যসূচীৰ প্ৰথম ছিজন, BYJU'S Young Genius-ত ভাৰতৰ যুৱ প্ৰজন্মৰ দক্ষতাৰ প্ৰমাণ দৰ্শকে কেতিয়াও নেদেখা অৱতাৰত দেখিবলৈ পাইছিল।

15 বছৰীয়া কিশোৰ চিৰাগ ৰাঠীৰ কথা মনত আছে নে, যাৰ ছেকেণ্ডৰ ভিতৰতে বয়স বা জটিল সংখ্যা গণনা কৰাৰ সামৰ্থ্যৰ বাবে গণিতৰ কিংবদন্তি শকুন্তলা দেৱীৰ সৈতে তুলনা কৰা হয়? ঋষি শিৱ প্ৰসন্নক মাত্ৰ ছয় বছৰ বয়সতে 180 IQ স্ক’ৰৰ সৈতে Mensa ক্লাবৰ আটাইতকৈ কম বয়সীয়া ভাৰতীয় সদস্য কৰা হৈছিল। ঋষি শিৱ প্ৰসন্নই এখন কিতাপ লিখিছে, আৰু লগতে তেওঁৰ নিজা ইউটিউব চেনেলো আছে! শিশুসকলৰ এই অদ্ভূত প্ৰতিভাবোৰ কেৱল BYJU'S Young Genius-এ পোহৰলৈ আনিছিল।

BYJU'S Young Genius-ৰ বিষয়ে জানিবলগীয়া-

BYJU'S Young Genius-ত এনে বিস্ময়কৰ শিশুৰ প্ৰতিভা প্ৰদৰ্শন কৰা হয়, যিসকলে অনায়াসে কোনো এক নিৰ্দিষ্ট দক্ষতা আয়ত্ত কৰিছে। এই প্ৰতিভাধৰ কিশোৰে তেওঁলোকৰ অদ্ভূত, অনন্য সফলতাৰ বিষয়ে জনাবলৈ এক মঞ্চ লাভ কৰে- BYJU'S Young Genius, যাৰ যোগেদি চেলিব্ৰিটি অতিথি আৰু দৰ্শকসকল এই বিস্ময়কৰ শিশুৰ কাৰ্যকলাপত আচৰিত হৈ পৰে।

Post a Comment

0 Comments