জম্মু–কাশ্মীৰত ১২ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ, জইছ কমাণ্ডাৰসহ ৫ সন্ত্ৰাসবাদী নিহত

 


জম্মু–কাশ্মীৰত (Jammu Kashmir) বিগত ১২ ঘণ্টাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ দুটাকৈ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত ৫টা সন্ত্ৰাসবাদী নিহত হয়। এই ৫ সন্ত্ৰাসবাদীৰ ভিতৰত জইছ–ই–মহম্মদৰ কমাণ্ডৰ জাহিদ ৱানী আৰু এটা পাকিস্তানৰ সন্ত্ৰাসবাদীও আছে। মৃত সন্ত্ৰাসবাদীকেইটা জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ সৈতে জড়িত। দুয়োটা সংঘৰ্ষ পুলৱামা আরু বডগামত সংঘটিত হয়।

জম্মু–কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে জানিবলৈ দিয়া মতে, বিগত ১২ ঘণ্টাত সংঘটিত দুটা সংঘৰ্ষত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবা আৰু জইছ–ই–মহম্মদৰ পাঁচ সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰ ভিতৰত জইছ–ই–মহম্মদৰ কমাণ্ডাৰো আছে। এয়া নিৰাপত্তাৰক্ষীৰ বাবে এক ডাঙৰ সফলতা।এজন আৰক্ষী বিষয়াই কয় যে দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ নেইৰা অঞ্চলত সন্ত্ৰাসবাদীৰ অৱস্থিতিৰ কথা গোপন সূত্ৰে লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছিল। নিৰাপত্তাৰক্ষীয়ে যেতিয়া অভিযান চলাইছিল সেই সময়তে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰে। নিৰাপত্তাৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে।

Post a Comment

0 Comments