নিজৰ বিয়াত প্ৰাণ ভৰি নাচিলে কইনাই, গান পছন্দ নোহোৱা বাবেই দৰাই দিলে তালাক!

 


আজৱ বিশ্বৰ আজৱ কথা! বিয়াত কইনাই পছন্দৰ গানত নৃত্য নকৰাৰ বাবেই দৰাই দিলে তালাক। কইনাই এনেকুৱা গানত নিজৰ বিয়াত নৃত্য কৰিলে যে গান শুনিয়ে তালাক দিলে দৰাই। কোনেও ভাবিব নোৱাৰা এক ঘটনা। আচৰিত, অবিশ্বাস্য যেন লাগিলেও এই ঘটনা ১০০ শতাংশই সঁচা।

ঘটনা ইৰাকৰ বাগদাদৰ। এজন লোকে নিজৰ পত্নীক এইবাবেই তালাক দিলে কাৰণ বিয়াত এটা এনেকুৱা গানত পত্নীয়ে নাচিছিল, যিটো তেওঁৰ পছন্দ হোৱা নাছিল। সাধাৰণতে এই ঘটনা বিশ্বাস কৰিবলগীয়া ধৰণৰ নহয়, কিন্তু এয়া সঁচা। লোকজনে বিয়াৰ পিছতে কেৱল এটা ডান্স পাৰফৰমেন্সৰ বাবে তালাক দিয়ে।

গ’ল্ফ নিউজৰ খবৰ অনুসৰি, এজন ইৰাকী লোকৰ বিয়াত তেওঁৰ কইনাই এক বিশেষ গানত প্ৰাণভৰি নাচিছিল। কইনাৰ নৃত্য সুন্দৰ আছিল যদিও যিটো গানত কইনাই নাচিছিল, সেই গানটো দৰা আৰু তেওঁৰ পৰিয়ালৰ একেবাৰে পছন্দৰ নাছিল। আচলতে গীনটোৰ অৰ্থ আছিল – ‘মই তোমাক নিজৰ মতে চলাম আৰু তোমাক নিয়ন্ত্ৰণ কৰিম’। গান শুনিয়ে দৰাৰ খং উঠিল আৰু তেওঁ কইনাৰ সৈতে কাজিয়াত লিপ্ত হয়। আৰু শেষত বিয়াৰ বন্ধন চিঙি পেলায়।

Post a Comment

0 Comments