দেশত দৈনিক সংক্ৰমণ সামান্য হ্ৰাস ! বিগত ২৪ ঘণ্টাত ১,৬৮,০০০ জন আক্ৰান্ত, ২৭৭ জনৰ মৃত্যু ...

 


দেশত দৈনিক কৰোনা (Covid 19) সংক্ৰমণ সোমবাৰে কিছু হ্ৰাস পাইছে । যোৱা ২৪ ঘণ্টাত, দেশত ১,৬৮,০০ কোৰোনা আক্ৰান্ত ধৰা পৰিছে। এই সময়ছোৱাত মুঠ ২৭৭ জন কোৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। দেশখনত ৪,৪৬১ জন অমিক্ৰন ভুক্তভোগীও পোৱা গৈছে বিগত ২৪ ঘণ্টাত। তথাপিও যোৱা ২৪ ঘণ্টাত কোভিডৰ গ্ৰাফ আগৰ ২৪ ঘণ্টাতকৈ সামান্য হ্ৰাস পাইছে। ইয়াৰ কাৰণ হৈছে দৈনিক সংক্ৰমণ, মৃত্যু আৰু লগতে সংক্ৰমণৰ হাৰ হ্ৰাস হোৱা। সংক্ৰমণৰ হাৰ ১৩.২৯ শতাংশৰ পৰা ১০.৬৪ শতাংশলৈ হ্ৰাস পাইছে।

দেশত সাপ্তাহিক সংক্ৰমণৰ হাৰ ৮.৮৫ শতাংশ। দেশত বৰ্তমান সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ৮,২১,৪৪৬ জন। যোৱা ২৪ ঘণ্টাত ৬৯,৯৫৯ জন কৰোনাৰ পৰা আৰোগ্য হৈছে। দেশখনত বৰ্তমান সুস্থতাৰ হাৰ ৯৬.৩৬ শতাংশ।

Post a Comment

0 Comments