মণিপুৰত ভয়ংকৰ IED বিস্ফোৰণ, শ্বহীদ অসম ৰাইফলছৰ জোৱান

 


মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়ানৰ জোৱানসকলে পাহাৰীয়া অঞ্চলটোত তহল দি থকাৰ সময়তে বুধবাৰে সংঘটিত হয় এই বিস্ফোৰণ।

বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত জোৱান জনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে, বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।

 

Post a Comment

0 Comments