কোনে চলাই আছে আপোনাৰ নামত থকা চিম কাৰ্ড?

 


আপোনাৰ অজ্ঞাতে আপোনাৰ নামত অন্য কোনো লোকে ব্যৱহাৰ কৰি আছে নেকি চিম কাৰ্ড? কেতিয়াবা চিমকাৰ্ড ব্যৱহাৰকাৰীজনৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে যাৰ নামত চিমকাৰ্ডখন আছে, সেইজন ব্যক্তি। কেতিয়াবা আনকি কাৰাগাৰলৈ যাবলগীয়া পৰিস্থিতিও আহি পৰে। কিহৰে আপুনি প্ৰতিহত কৰিব চিমকাৰ্ডৰ অপপ্ৰয়োগঃ

আপোনাৰ আইডিৰে কোনো লোকে চিমকাৰ্ড চলাই থাকিব পাৰে। আনকি কেতিয়াবা কোনো অপৰাধপ্ৰৱণতা থকা লোকে আপোনাৰ নামত থকা চিমখন বেয়া কামতো ব্যৱহাৰ কৰিব পাৰে। ফলত আপুনি সোমাই পৰিব পাৰে আইনী মেৰপাকত।

টেলিকম বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে, যদি এজন লোকে নিৰ্ধাৰিত সংখ্যাতকৈ বেছি চিম ৰাখে, তেন্তে তেওঁ চিমটো কেৱাইচি কৰিব লাগিব। এই সন্দৰ্ভত যোৱা ৭ ডিচেম্বৰত এক জাননী জাৰি কৰা হৈছিল। KYCৰ বাবে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। আৰু ইয়াৰ ভিতৰত দাখিল নকৰিলে ব্যক্তিজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হব।

জানিবলৈ, আপুনি https://www.tafcop.dgtelecom.gov.in/-লৈ যাব লাগিব আৰু ইয়াত আপোনাৰ ম'বাইল নম্বৰ এণ্টাৰ কৰিব লাগিব, তাৰ পিছত পঞ্জীভুক্ত নম্বৰলৈ OTP আহিব। তাৰ পিছত আপুনি এখন তালিকা দেখিব। ইয়াত আপোনাৰ লিংক কৰা চিম কাৰ্ডৰ বিষয়ে তথ্য থাকিব। আপুনি এই তালিকাত ব্যৱহাৰ নকৰা নম্বৰটো ব্লক কৰিব পাৰে।

Post a Comment

0 Comments