এগৰাকী মোহয়মী অভিনেত্ৰী! এতিয়াও চিৰ তৰুণ অভিনেত্ৰীগৰাকী। বয়স বাঢ়িলেও এতিয়াও শাৰীৰিক সৌন্দৰ্যৰে নিজকে চৰ্চাত ৰাখিবলৈ সক্ষম হৈছে বলীউদৰ অভিনেত্ৰী ৰেখা। চলচ্চিত্ৰৰ পৰ্দাত কেইবা দশক ধৰি নিজৰ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰা ৰেখা আজিও আগৰ দৰেই ধুনীয়া। অৱশ্যে, এটা সময় আছিল যেতিয়া ৰেখাক তেওঁৰ সৰলতাৰ বাবে বহু ছবি পৰিচালকে ৰিজেক্ট কৰিছিল।
কিন্তু দীৰ্ঘসময় ধৰি ৰেখাৰ হাতত নাই ছবি। আনকি কৰা নাই কোনো বিজ্ঞাপনতো অভিনয়। ইয়াৰ পিছতো ৰেখাই ৰাণীৰ দৰে জীৱন-যাপন কৰিছে কিদৰে? ক'ৰ পৰা আহে টকা? আপোনাৰ জনাও যে, যদিও ছবিত অভিনয় কৰা নাই, তথাপিও কিবা প্ৰকাৰে ছবিৰ লগত জড়িত হৈ আছে ৰেখা। ইয়াৰ উপৰিও দক্ষিণ ভাৰত আৰু মুম্বাইত আছে ৰেখাৰ কেইবাটাও ঘৰ, যৰ পৰাও হয় যথেষ্ট উপাৰ্জন। সেইদৰে ৰেখা ৰাজ্যসভাৰো সাংসদ। ইয়াৰো পেন্সন লাভ কৰে।
ৰেখা এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে। ৰেখাই ভালদৰে জানে কিমান টকা খৰচ
কৰিব লাগে। দৰাচলতে, ৰেখাই আড়ম্বৰপূৰ্ণ জীৱন ভাল পায়। এই সকলোবোৰৰ
বাহিৰে, ৰেখাক বহু কেইটা দুৰদৰ্শনৰ অনুষ্ঠানত দেখা যায়।
0 Comments