Happy Birthday Himanta Biswa Sarma : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, জালুকবাৰী সমষ্টিত তিনিদিনীয়া কাৰ্যসূচী, আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী


 আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩সংখ্যক ওপজা দিন (Happy Birthday Himanta Biswa Sarma)। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনক লৈ জালুকবাৰী সমষ্টিত ব্যাপক উছাহ দেখা গৈছে। পাণ্ডু-মালিগাঁৱৰ ৰাইজৰ উদ্যোগত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন (Himanta Biswa Sarma Birthday)। প্ৰথম দিনা অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা, ৰক্তদান শিবিৰ। অঞ্চলটোৰ যুৱক-যুৱতীয়ে অংকন কৰে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীৰ ছবি।

সোমবাৰে পাণ্ডুৰ পৰা আদাবাৰী অঞ্চললৈ সম্পন্ন হয় বৃক্ষৰোপণৰ কাৰ্যসূচী। লগতে এক চাফাই অভিযানৰ কাৰ্যসূচীও ৰখা হয়। ইফালে পাণ্ডুত আজি ৰাইজে অনুষ্ঠিত কৰিব বিশেষভাৱে সক্ষমসকলক হুইল চেয়াৰ বিতৰণ কাৰ্যসূচী। লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য।

মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ৰেষ্টকেম্প কালিবাৰীত যজ্ঞৰো আয়োজন কৰা হৈছে। যজ্ঞত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও। আনহাতে, আদাবাৰী তিনিআলিস্থিত অটল উদ্যানত আজি জন্মদিনৰ সামৰণি কাৰ্যসূচী।অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনক লৈ ভিন্নৰঙী লাইট, বেনাৰ-পোষ্টাৰেৰে সজোৱা হৈছে পাণ্ডু-মালিগাঁও অঞ্চল। নিশা ৰঙীন লাইটৰ পোহৰেৰে আলোকিত হৈ পৰিল সমগ্ৰ অঞ্চল। ইফালে ৰাজ্যৰ আন আন প্ৰান্ততো মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ আয়োজন কৰা হৈছে।

Post a Comment

0 Comments