পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা বলীউদৰ ‘টাৰ্জান’ৰ, পত্নীৰ সৈতে যাত্ৰাৰ সময়তে দুৰ্ঘটনা

 


বলীউদৰ টাৰ্জান নামেৰে খ্যাত অভিনেতা হেমন্ত বিৰ্জে (Hemant Birje)ৰ বাহন দুৰ্ঘটনাত পতিত। হেমন্ত বিৰ্জেই পত্নী আৰু কন্যাৰ সৈতে মুম্বাই–পুনে এক্সপ্ৰেছৱে’ৰে গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা। হঠাৎ তেওঁৰ বাহন ডিভাইডাৰত খুন্দা মাৰে। দুৰ্ঘটনাৰ অভিনেতাজনৰ লগতে তেওঁৰ পত্নী আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে সম্পূৰ্ণ সুৰক্ষিত কন্যা। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কয় যে নিশা ৮ বজাত উৰ্ছে টোল প্লাজাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। হেমন্ত আৰু তেওঁৰ পত্নী সম্পূৰ্ণৰূপে সুৰক্ষিত।

আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ পিছত হেমন্ত আৰু তেওঁৰ পত্নীক পুনেৰ এখন হাস্পতাললৈ লৈ যোৱা হয়। উল্লেখযোগ্য যে হেমন্তক বলীউদৰ টাৰ্জান কোৱা হয়। হেমন্তই ‘এডভেঞ্চাৰ্ছ অব টাৰ্জান’ নামৰ ছবিত কাম কৰি দৰ্শকৰ মাজত নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই ছবিখনৰ বাবে হেমন্তক বলীউদৰ টাৰ্জান বুলি কোৱা হয়।

Post a Comment

0 Comments