বয়স ৪০ৰ দুৱাৰডলিত নেকি? এতিয়াৰ পৰা মানিবলৈ আৰম্ভ কৰক এইসমূহ নিয়ম


 বয়স কি ৪০ হোৱাৰ দিশে নেকি? এইসময়ত বহুতৰে জীৱনত আৰম্ভ হৈছে মিডলাইফ ক্ৰাইচিচ। বহুতে ঘূৰি চাইছে অতীতলৈ। বহুতে কৰিছে কি পালো কি নাপালো হিচাপ। বহুতেই আকৌ এই সময়ৰ পৰাই নতুনকৈ জীৱন আৰম্ভ কৰিব বিচাৰে। কিন্তু ৪০ৰ কাষ চাপিলে কিছুমান বিষয় অস্বাস্থ্যকৰ হৈ পৰে।

চল্লিশৰ আশেপাশে বা চল্লিশ পাৰ হ'লে নিগেটিভ কথা বতৰা মানুহে বাদ দিব লাগে। এনে সময়ত জীৱনটো উপভোগ কৰিব লাগে

নিজকে কেতিয়াও আনৰ সৈতে তুলনা কৰিব নালাগে। মনত ৰাখিব, এই পৃথিৱীৰ প্ৰত্যেকেই অনন্য। চাৰিত্ৰিক বৈশিষ্ট স্বকীয় আৰু আনতকৈ পৃথক। আনৰ সৈতে তুলনা কৰিবলৈ গ'লে মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে। যিয়ে আপোনাক ক্ষতি কৰিব।

এই সময়ছোৱাত শৰীৰটোক কিছু সময় দিবলৈ আৰম্ভ কৰক। প্ৰতিদিনে কিছু সময় ব্যায়াম কৰক।

সাম্প্ৰতি জীৱনযাত্ৰাৰ কাৰণে কম বয়সতে উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগিবলগীয়া হয়। কিডনী আৰু হৃদৰোগৰ পৰা দূৰৈত থাকিবলৈ নিয়ন্ত্ৰণত ৰাখক ৰক্তচাপ।

ধূমপানৰ দৰে বদ অভ্যাস ত্যাগ কৰক। চল্লিশৰ পিছত যদি আপুনি ধূমপান ত্যাগ কৰে তেন্তে আপোনাৰ আয়ুস বৃদ্ধি পাব।

Post a Comment

0 Comments