ৰাজপথত হাতত ঝাড়ু লৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, ৰাইজক জনালে এই আহ্বান


 ৰাজপথত হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰা দেখা গ'ল মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাক (RINIKI BHUYAN SHARMA)। কোম্পানীটোৰ উদ্যোগত দেওবাৰে দীঘলীপুখুৰীৰ সমীপত আয়োজন কৰা হৈছিল ভোগালী মেলা ( bhogali mela)। সোমবাৰে সন্ধিয়াৰ ভাগত মেলাৰ অন্ত পৰাৰ পিছত অপৰিষ্কাৰ হৈ পৰিছিল মেলাৰ বাকৰি তথা পথ।সেয়ে ভূঞাই হাতত ঝাড়ু লৈ মেলাৰ বাকৰি পৰিষ্কাৰ কৰে। এই সন্দৰ্ভত ভূঞাই টুইটযোগে উল্লেখ কৰে- ''আমি আমাৰ ভোগালী মেলা সমাপ্ত কৰোঁ, সমগ্ৰ অসমৰ সকলো কৃষকক আমাৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰে অংশ লোৱাৰ বাবে আন্তৰিক ধন্যবাদ। গুৱাহাটীৰ নাগৰিক হিচাপে আমি প্ৰাইড ইষ্টৰ ফালৰ পৰা চহৰখন সদায়ে পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰখাৰ বাবে অঞ্চলটোত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান (cleanliness drive) চলাওঁ।'

ৰিণিকি ভূঞা শৰ্মাই লগতে সকলো লোককে কোনো অনুষ্ঠান পতাৰ পিছত উক্ত ঠাইডোখৰ পৰিষ্কাৰ কৰি ৰখাৰ বাবে আহ্বান জনায়।

 

Post a Comment

0 Comments