মহানগৰীৰ পল্টনবজাৰৰ ASTC চৌহদত নিশা উদ্ধাৰ অকলশৰীয়া বৃৃদ্ধা, কোনোৱে এৰি থৈ যোৱাৰ সন্দেহ


 মহানগৰীৰ পল্টনবজাৰৰ ASTCত নিশাৰ ভাগত এগৰাকী অকলশীয়া বৃৃদ্ধা প্ৰত্যক্ষ কৰা হয়।  ASTC চৌহদত অকলশৰে বহি থকা বৃদ্ধাগৰাকীক কোনো লোকে তেনেদৰে এৰি থৈ যোৱা বুলি সন্দেহ কৰা হৈছে ( old woman rescued at Paltan Bazar)।

নিশালৈ অকলশৰীয়াকৈ বহি থকা বৃদ্ধাগৰাকীক এই বিষয়ে সোধা হয় যদিও তেওঁ মুখেৰে কোনো মাতবোল কৰা নাই। কিন্তু মুখৰ মাস্কখন গুচাই দিবলৈ দিওতে তেওঁ তাৰ সঁহাৰি দিয়ে। কিন্তু কিয় কোনো কথাৰ উত্তৰ দিয়া নাই সেয়া জানিব পৰা হোৱা নাই।

অকলশৰীয়া অৱস্থাত প্ৰত্যক্ষ কৰা বৃদ্ধাগৰাকীক নিশাটো এনেদৰে থকাটো বিপজ্জনক হ'ব পাৰে বুলি ভাবি একাংশ লোকে খবৰ দিয়ে সংবাদ মাধ্যমক। অৱশ্যে ইয়াৰ আগেয়ে
পল্টন বজাৰ আৰক্ষীক (Paltan Bazar Police Station) বৃদ্ধাগৰাকীৰ খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে।

ভাল সাজপাৰ পৰিহিত প্ৰায়  ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধাগৰাকীৰ লগত আছে এটা বেগ। কিন্তু কোনো কথা জানিব নোৱাৰি তেওঁক অৱশেষত বৃদ্ধাশ্ৰমলৈ নিয়াৰ ব্যৱস্থা কৰে একাংশ লোকে।

Post a Comment

0 Comments