কোৰোণা ৰোধৰ বাবে পুনৰ কঠোৰ নিৰ্দেশনা, মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে আৰু কি কি নতুন নিৰ্দেশনা দিলে জানক


 সকলো দোকান-পোহাৰ ৰাতি ৯ বজালৈকে খুলিব পাৰিব ৷ ই-কমাৰ্ছৰ জৰিয়তে সা-সামগ্ৰী নিশা ৯ বজালৈকে যোগান দিব পাৰিব।কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে (State Disaster Management Authority, SDMA) জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷ এতিয়াৰ পৰা মাস্ক (Mask) পৰিধান কৰাতো বাধ্যতামূলক কৰিলে দুৰ্যোগ প্ৰশমন বিভাগে ৷ মাস্ক পৰিধান নকৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব ৷ দুয়োপালি ভেকচিন (Covid19 Vaccine) লোৱা সকলৰ বাহিৰে কোনো লোক ৰাজহুৱা স্থানলৈ আহিব নোৱাৰিব ৷ এই ক্ষেত্ৰত কাৰ্যালয়, শিক্ষানুষ্ঠান, দোকান-প্ৰতিষ্ঠান-হোটেল-মল-চিনেমা হলৰ কৰ্তৃপক্ষ সজাগ হোৱাৰ আহ্বান৷ অন্যথা সংশ্লিষ্ট কৰ্তৃপক্ষ জগৰীয়া হ'ব আৰু আইন মতে জৰিমনা ভৰিব লাগিব।

এই নতুন নিৰ্দেশনা অনুসৰি-

ৰাজহুৱা স্থানত পিকালেও ১০০০ টকাৰ জৰিমনা।

বিবাহ পৰ্ব তথা ধৰ্মীয় অনুষ্ঠানত দুয়োপালি ভেকচিন লোৱা দুই শতাধিকৰ বেছি ব্যক্তি উপস্থিত থাকিব নোৱাৰিব।

মৃতকৰ সৎকাৰত ২০তকৈ বেছি ব্যক্তি উপস্থিত থাকিব নোৱাৰিব ৷

সকলো দোকান-পোহাৰ ৰাতি ৯ বজালৈকে খুলিব পাৰিব ৷ ই-কমাৰ্ছৰ জৰিয়তে সা-সামগ্ৰী নিশা ৯ বজালৈকে যোগান দিব পাৰিব।

Post a Comment

0 Comments