মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড, ডিঙি চেপি এগৰাকী বোৱাৰীক হত্যা কৰিলে স্বামী পৰিয়ালে


 মহানগৰীৰ হাতীগাঁৱত নৃশংস হত্যাকাণ্ড। ডিঙি চেপি হত্যা কৰিলে বোৱাৰীয়েকক। দিলোৱাৰা ওৰফে প্ৰতিমা বেগমক স্বামী ৰূপচান আৰু পিৰয়ালৰ সদস্যই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ। হাতীগাঁও আৰক্ষীয়ে পৰিয়ালৰ আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছপুৰ হাস্পতালত ভৰ্তি কৰি নাটক ৰচিছিল পৰিয়ালে। যৌতুক বিচাৰি হাহাকাৰ কৰিছিল স্বামী পৰিয়ালৰ লোকে। আনহাতে, ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।

Post a Comment

0 Comments