পৱিত্ৰ মে-ডাম-মে-ফী উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ বন্তি প্ৰজ্বলন


 আজি পৱিত্ৰ মে-ডাম-মে-ফী (Me Dam Me Phi)। টাই আহোমসকলৰ (Tai Ahom) এক গৌৰৱোজ্জ্বল আধ্যাত্মিক পৰম্পৰাৰূপে জনাজাত এই মে-ডাম-মে-ফী উপলক্ষে সকলোৱে পুলিন-পুথাওসকললৈ অৰ্পণ কৰিলে গভীৰ শ্ৰদ্ধাঞ্জলি।। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)তো আজি অতি উলহ-মালহেৰে এই পবিত্ৰ উৎসৱটি উদযাপন কৰা হয়।

মে-ডাম-মে-ফী উপলক্ষে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ উদ্যোগত আজি সন্ধিয়া পুলিন-পুথাওসকললৈ শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ মুকলি মঞ্চত উদযাপন কৰা এই কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সকলোৱে একত্ৰিত হৈ সুখ-শান্তি কামনাৰ লগতে সমাজৰ পৰা অসূয়া-অমংগল আঁতৰ হ'বলৈ প্ৰাৰ্থনা কৰে।

Post a Comment

0 Comments