বছৰৰ এটা নিৰ্দিষ্ট সময়ত বদলিকৰণৰ পৰম্পৰা গঢ়ি তোলক ! নিৰ্দিষ্ট সময়ত সকলো বদলিৰ ফাইলৰ কাম কৰক: জনতা ভৱনৰ বিষয়ালৈ আহ্বান মুখ্যমন্ত্ৰীৰ
-
January 25, 2022
বছৰৰ বাৰ মাহে বদলি প্ৰথা
নাইকিয়া কৰক ৷ বিপৰীতে প্ৰতি বছৰৰ এটা মাহ বদলিকৰণ পৰম্পৰা গঢ়ি তোলক ৷
যিটো কৰিলে বদলিকৰণৰ সন্দেহত বাৰ মাহে জনতা ভৱনলৈ অহা কৰ্মচাৰীৰ সংখ্যা
হ্ৰাস হব ৷ এই পৰামৰ্শ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।ৰাজ্য চৰকাৰৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন ৷ জনতা ভৱনত প্ৰতি শনিবাৰে
মুখ্যসচিব আৰু তলতীয়া বিষয়াৰ বৈঠক অনুষ্ঠিত হওক ৷ য'ত সপ্তাহটোৰ কাম কাজৰ
খটিযান লওক লগতে আগন্তুক সপ্তাহৰ টাৰ্গেট গ্ৰহণ কৰক ৷ জনতা ভৱনৰ বিষয়ালৈ
আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
বছৰৰ বাৰ মাহে বদলি
প্ৰথা নাইকিয়া কৰক ৷ বিপৰীতে প্ৰতি বছৰৰ এটা মাহ বদলিকৰণ পৰম্পৰা গঢ়ি তোলক
৷ যিটো কৰিলে বদলিকৰণৰ সন্দেহত বাৰ মাহে জনতা ভৱনলৈ অহা কৰ্মচাৰীৰ সংখ্যা
হ্ৰাস হব ৷ পৰামৰ্শ অনুসৰি বছৰৰ ১৫ এপ্ৰিলৰ পৰা ১৫ মে' বদলিকৰণৰ সময় ৷ এই
সময়ত সকলোৰে বদলিৰ ফাইলৰ কাম কৰক ৷ এনে ব্যৱস্থাৰেৰে কৰিলে সুস্থিৰ পৰিবেশ
আহিব জনতা ভৱনলৈ ৷ যিটো পূৰ্বে ১৫, ২০ বছৰত ধৰি চলি আহিছিল ৷ এনে পৰম্পৰা
গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ জনতা ভৱনত দুখ লগা পৰিবেশ বছৰৰ পাছত বছৰ ভঙা
চিঙা চকীৰে চলি আছে ৷
0 Comments