১০ কিলোগ্ৰাম ওজনৰ চিতল মাছেৰে উৰুকাৰ বাবে সাজু মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীক কোনে দিলে উৰুকাৰ এই উপহাৰ?

 


প্ৰতিবছৰৰ দৰে এইবছৰো ৰাজ্যৰ মুখ্যমন্ত্ৰীক ভোগালী বিহু (Bhogali Bihu) উপলক্ষে মাছ উপহাৰ দিলে বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই ৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ চৰকাৰী বাসগৃহত ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীৰ হাতত উৰুকাৰ উপহাৰৰূপে প্ৰদান কৰে প্ৰকাণ্ড চিতল মাছ এটা। উপহাৰ ৰূপে প্ৰদান কৰা প্ৰকাণ্ড চিতল মাছটোৰ ওজন প্ৰায় ১০ কিলোগ্ৰাম ৷ ব্যৱসায়ী সন্থাই প্ৰদান কৰা মাছটো গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে লগতে সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

ইপিনে মুখ্যমন্ত্ৰীয়ে সন্থাৰ আটাইলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অসমীয়াৰ বাপতিসাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে উপচাই তুলিব বুলি আশা প্ৰকাশ কৰে৷

Post a Comment

0 Comments