ঐতিহাসিক ক্ষণ ! গৌৰৱোজ্জ্বল ৭৫ বছৰত প্ৰৱেশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

 


গৌৰৱোজ্জ্বল ইতিহাসেৰে ৭৫ বছৰত প্ৰৱেশ কৰিলে অসমৰ শিক্ষাজগতৰ কাণ্ডাৰীস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ে। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনে আজি অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখে পঞ্চসপ্ততিতম প্ৰতিষ্ঠা দিৱস পালন কৰিব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত নিশা সমগ্ৰ বিশ্ববিদ্যালয়খনক নানাৰঙী আলোকসজ্জাৰে সজাই তোলাই হৈছে যাৰবাবে বিশ্ববিদ্যালখনত বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশে।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চিকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১:৪৫ বজাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত। মন কৰিবলগীয়া কথা যে, বিগত ৮ জানুৱাৰী তাৰিখে বিশ্ববিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ উদ্ধোধন কৰিছিল ৰাজ্যপাল তথা আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে। উক্ত অনুষ্ঠানতেই গুৱাহাটী বিশ্ববিদ্যালয় আৰু মহাৰজত জয়ন্তী বৰ্ষৰ ডিজিটেল ল'গ' উন্মোচন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ ওপৰত প্ৰস্তুত কৰা এখনি তথ্যচিত্ৰও উন্মোচন কৰা হৈছিল।
ইফালে, আজি অনুষ্ঠিত হ'বলগীয়া পঞ্চসপ্ততিতম প্ৰতিষ্ঠা দিৱসক লৈ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰসমাজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশো বিৰাজ কৰিছে।

Post a Comment

0 Comments