ক্ৰ'ম ব্ৰাউজাৰ ব্যৱহাৰকাৰীলৈ Googleৰ সতৰ্কবাণী, অন্যথা হেকাৰে খালী কৰিব পাৰে পকেট

 


গুগলে বছৰটোৰ আৰম্ভণিতে ২০০ কোটি ক্ৰ'ম ব্ৰাউজাৰ ব্যৱহাৰকাৰীক সতৰ্কবাণী জাৰি কৰিছে। সতৰ্ক নহ'লে যিকোনো সময়তে চাইবাৰ আক্ৰমণ হ'ব পাৰে। যোৱা বছৰ ক্ৰ'ম ব্ৰাউজাৰত চাইবাৰ আক্ৰমণ বেছি আছিল। গুগলৰ মতে, ক্ৰ'ম ব্ৰাউজাৰ (Chrome Browser) চাইবাৰ অপৰাধীৰ অন্যতম লক্ষ্য হৈ পৰিছে। কিয়নো ইয়াৰ ব্যৱহাৰকাৰী বিশ্বত সৰ্বাধিক। এই ব্ৰাউজাৰত ইতিমধ্যে ৩৭টা সুৰক্ষাজনিত দুৰ্বলতা আৱিষ্কাৰ কৰা হৈছে, ইয়াৰে ১০টা দুৰ্বলতাৰ বাবে ব্যৱহাৰকাৰী মাৰাত্মক বিপদ পৰিব পাৰে।

ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলেও (CERT-In) ক্ৰ'মৰ নতুন সংস্কৰণ 97.0.4692.71 তকৈ পুৰণি সংস্কৰণটো ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলৰ বাবে  সতৰ্কবাণী জাৰি কৰিছে।

গুগলে (Google) এই সমস্যা সমাধান কৰিবলৈ ব্ৰাউজাৰ 'ক্ৰ'ম ৯৭' নামৰ এটা নতুন সংস্কৰণ মুকলি কৰিছে। সংস্কৰণটো পৃথিৱীৰ বিভিন্ন দেশত পৰ্যায়ক্ৰমে ব্যৱহাৰ সুযোগ পোৱা যাব। বহুতো ব্যৱহাৰকাৰীয়ে সংস্কৰণটো ডাউনলোড নকৰিলে সুৰক্ষাজিনত বিপদত পৰিব পাৰে বুলি জনোৱা হৈছে। সেয়েহে গুগলে সংস্কৰণটো সোনকালে ডাউনলোড কৰিবলৈ অনুৰোধ কৰিছে। গতিকে যদি আপুনি গুগল ক্ৰ'ম ব্যৱহাৰ কৰে আৰু আপোনাৰ সংস্কৰণ 97.0.4692.71-তকৈ পুৰণি, ইয়াক লগে লগে আপডেট কৰক। এনে নকৰাটো আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। চৰকাৰে এই সন্দৰ্ভত এটা পৰামৰ্শ জাৰি কৰিছে।

আনহাতে বহুতো আইফোন ব্যৱহাৰকাৰীয়ে নতুন সংস্কৰণৰ বিৰুদ্ধে অভিযোগো উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে ক্ৰ'ম ব্ৰাউজাৰৰ নতুন সংস্কৰণটো মুকলি হোৱাৰ কেইছেকেণ্ডৰ ভিতৰতে হেং হয়। বাৰে বাৰে পুনৰাৰম্ভ কৰিলেও সমস্যাটোৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয়। সমস্যাটো সমাধান কৰিবলৈ ব্ৰাউজাৰৰ কেছ মেম'ৰী নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগিব।

Post a Comment

0 Comments