হাইলাকান্দিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ গাঞ্জাখিনি


 হাইলাকান্দিত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম এলেকাত আৰক্ষীৰ অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। বৃহস্পতিবাৰ নিশা পাঁচগ্ৰাম আৰক্ষী থানাৰ আৰক্ষীয়ে ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত জব্দ হৈছে গাঞ্জাখিনি। নিশা AS-11DC-9398 নম্বৰৰ এখন অটো'ৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০ কিলোগ্ৰাম গাঞ্জা। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অটোৰ চালক মনোজ কান্তি অধিকাৰী আৰু এগৰাকী মহিলাক। কিন্তু তালাচীৰ সময়ত অটোত থক‍া আন এজন লোক পলাই য‍াবলৈ সক্ষম হয়। বৰ্তমানে পাঁচগ্ৰাম আৰক্ষী চকীত দুগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

0 Comments