সংসাৰৰ মায়া-মোহ ত্যাগ... ৩০ কোটিৰো অধিক সম্পত্তি ত্যাগ কৰি গোটেই পৰিয়াল হ'ল সাধু-সন্যাসী, জনালে কাৰণো

 


ধন লাভৰ বাবে ঈশ্বৰৰ আৰাধনা কৰা এটা যুগত পোহৰলৈ আহিছে ইয়াৰ বিপৰীত এটা খবৰ। ধন লাভ নহয়, কোটি টকীয়া সম্পত্তিৰ মোহ ত্যাগ কৰি ধৰ্মত শৰণ লৈছে এটা পৰিয়ালে। ধন-সম্পত্তিৰ পৰা সম্পূৰ্ণ সন্যাস লৈ চৰ্চাত থকা এই পৰিয়ালটো ছত্তিশগড়ৰ।তথ্য অনুসৰি ছত্তীশগড়ৰ (Chhattisgarh) ৰাজনন্দগাঁৱত বাস কৰা এটা পৰিয়ালে কোটি কোটি টকাৰ সম্পত্তি এৰি জৈন ধৰ্মত শৰণ লয়। ৰাজনন্দগাঁৱৰ ডাকলিয়া পৰিয়ালৰ (Dakliya family) ছয়জন সদস্যই সাংসাৰিক মায়ামোহ ত্যাগ কৰি সংযমৰ পথত খোজ কাঢ়িবলৈ সিদ্ধান্ত লয়। চহৰখনৰ জৈন বাগিচাত অনুষ্ঠিত দীক্ষা অনুষ্ঠানত পৰিয়ালটোৱে কোটি কোটি টকাৰ সম্পদৰ পৰা আঁতৰি আধ্যাত্মিকতাৰ পথত খোজ কাঢ়িবলৈ সিদ্ধান্ত লয় (decided to follow the path of abstinence)।

তথ্য অনুসৰি, দেওবাৰৰ পৰা বাগিচাখনত আৰম্ভ হোৱা পাঁচদিনীয়া দীক্ষা অনুষ্ঠানত ডাকালিয়া পৰিয়ালে দীক্ষা গ্ৰহণ কৰে। ভূপেন্দ্ৰ ডাকলিয়া, তেওঁৰ পত্নী স্বপ্না ডাকলিয়া, কন্যা মহিমা ডাকলিয়া, মুক্তি ডাকলিয়া, পুত্ৰ দেৱেন্দ্ৰ ডাকলিয়া আৰু ডাকলিয়া পৰিয়ালৰ হৰ্ষিত ডাকলিয়াই সংযম আৰু আধ্যাত্মিকতাৰ পথত খোজ কাঢ়িবলৈ দীক্ষা গ্ৰহণ কৰে। এই দীক্ষা অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত আছিল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পৰিয়ালৰ সদস্যসকলে কয়- আমি কোনো বাধ্যবাধকতাৰ অধীনত এই দীক্ষা লোৱা নাই, আমাৰ নিজৰ ইচ্ছা অনুযায়ী আধ্যাত্মিকতাৰ পথ লৈছোঁ। তেওঁ কয় যে দীক্ষাৰ পথ হৈছে সত্যৰ পথ আৰু ঈশ্বৰৰ পথ, সেয়েহে এই পথ অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছে।

Post a Comment

0 Comments