মালদ্বীপ (Maldives) হৈছে
বলীউড তাৰকাসকলৰ অৱসৰ বিনোদনৰ বাবে অন্যতম পছন্দৰ ঠাই। প্ৰায় সকলোৱেই
হনীমুন (Honeymoon)ৰ বাবে মালদ্বীপলৈ যায়। তাৰ মাজতে কেৰিনা কাইফে (Katrina
Kaif) স্বামী বিকি কৌশল (Vicky Kaushal)ক এৰি অকলে মালদ্বীপলৈ যোৱাক লৈ
হৈছে চৰ্চা।কেটৰিনা কাইফ আৰু বিকি কৌশলে (Katrina Kaif and Vicky Kaushal) যোৱা ৯
ডিচেম্বৰত বিয়া পতাৰ সময়ৰে পৰা একেৰাহে বাতৰিৰ শিৰোনাম দখল কৰি আছে।
বিবাহপাশত আৱদ্ধ হোৱাৰ লগে লগে, দুয়োজন অভিনেতাই নিজ নিজ চিনেমাৰ
দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। বিকিয়ে ছাৰা আলী খান (Sara Ali
Khan)ৰ সৈতে পৰিচালক লক্ষ্মণ উটেকাৰৰ পৰৱৰ্তী ছবিৰ কাম আৰম্ভ কৰিছিল যাৰ
বাবে তেওঁ বৰ্তমান ইন্দোৰত দৃশ্যগ্ৰহণ কৰি আছে । আনহাতে কেটৰিনাই তেওঁৰ
পৰৱৰ্তী ছবি মেৰী খ্ৰীষ্টমাছ (Merry Christmas) ঘোষণা কৰে য'ত তেওঁক বিজয়
সেতুপতি (Vijay Sethupathi)ৰ বিপৰীতে দেখা যাব আৰু শ্ৰীৰাম ৰাঘৱনে চিনেমাখন
পৰিচালনা কৰিছে।ইয়াৰ মাজতে কেটৰিনা কাইফে মালদ্বীপলৈ উৰা মাৰিছে। কেটৰিনা কাইফে বিকি
কৌশলক এৰি অৰলেই মালদ্বীপলৈ গৈছে। উল্লেখ্য যে মালদ্বীপ হৈছে বলীউড
তাৰকাসকলৰ অৱসৰ বিনোদনৰ বাবে অন্যতম পছন্দৰ ঠাই। প্ৰায় সকলোৱেই হনীমুন
(Honeymoon)ৰ বাবে মালদ্বীপলৈ যায়। তাৰ মাজতে কেৰিনাই স্বামী বিকিক এৰি
অকলে মালদ্বীপলৈ যোৱাক লৈ হৈছে চৰ্চা। সকলোৰে প্ৰশ্ন কি কামত কেটৰিনাই
অকলেই মালদ্বীপলৈ গ'ল?
কেটৰিনাই এটা টিভি বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে মালদ্বীপলৈ উৰা মাৰিছে। "কেটৰিনাই ইয়ালৈ এক দৃশ্যগ্ৰহণৰ বাবে আহিছে। পানীয় ব্ৰেণ্ড এটাৰ সৈতে তাইৰ দীৰ্ঘদিনীয়া চুক্তি আছে আৰু তেওঁলোকে গ্ৰীষ্মকালৰ বাবে এটা আকৰ্ষণীয় টিভি বিজ্ঞাপন ছুটিঙৰ বাবে আহিছে। তাই মুম্বাইলৈ উভতি যোৱাৰ আগতে কেইদিনমান তাত থাকিব," এক সূত্ৰই কয়।
সূত্ৰটোৱে আৰু প্ৰকাশ কৰিছে যে "কেটৰিনাই শীঘ্ৰেই ছলমান খান (Salman Khan)ৰ সৈতে 'টাইগাৰ থ্ৰী' (Tiger 3)ৰ চূড়ান্ত দৃশ্যগ্ৰহণ আৰম্ভ কৰিব।" দুয়োজন অভিনেতাই জানুৱাৰীৰ আৰম্ভণিৰ পৰা দিল্লীত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ কথা আছিল কিন্তু ৰাজধানী চহৰকে ধৰি দেশত কোভিড-১৯ (Covid-19)ৰ ঘটনা বৃদ্ধিৰ বাবে কেইবাখনো চহৰ এতিয়া আংশিক লকডাউন আৰু বহ নিষেধাজ্ঞাৰ অধীনত আছে, যাৰ বাবে দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছিল।
0 Comments