বাছ চলাই থাকোঁতে হঠাতে মৃগী ৰোগত আক্ৰান্ত চালক, খাৱৈলৈ গতি লোৱা বাছ নিয়ন্ত্ৰণ কৰি মহিলাই বচালে ২৪ যাত্ৰীৰ প্ৰাণ


 ৰাস্তাত দ্ৰুতগতিত গৈ থকা চৰকাৰী এখন বাছৰ চালকজন হঠাতে মৃগীৰোগত আক্ৰান্ত হ'ল আৰু বাগৰি পৰিল ড্ৰাইভিং ছীটৰ পৰা। এনে এটা অকল্পনীয় ঘটনাৰ ফলত বাছৰ যাত্ৰীৰ বাবে কিহে অপেক্ষা কৰিব পাৰে সেয়া কোৱাৰ প্ৰয়োজন নাথাকে। কিন্তু ঠিক সেই সময়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বীৰত্বৰ পৰিচয় দিছে এগৰাকী মহিলাই।ঘটনাটো পুনেৰ। অলপতে সংঘটিত এই ঘটনাক নাটকীয়ভাৱে দুৰ্ঘটনালৈ পৰিৱৰ্তিত হোৱাৰ পৰা ৰক্ষা কৰে এইগৰাকী মহিলাই। তেওঁৰ নাম যোগিতা ধৰ্মেন্দ্ৰ সাতভ (Yogita Satav)।ড্ৰাইভাৰ মৃগী ৰোগত আক্ৰান্ত হোৱাত বাছখন এটা খাৱৈলৈ গতি কৰিছিল (Driver suddenly fainted in moving bus)। যাত্ৰী ৰূপে আছিল ২৪গৰাকী লোক। ঘটনাৰ পিছতে বাছখনত যাত্ৰা কৰা যোগিতাই আশ্চৰ্যজনকভাৱে সাহসেৰে বাছৰ ষ্টিয়েৰিং চম্ভালি লয় আৰু এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে।

মহিলাগৰাকীৰ সাহসী কাৰ্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত তেওঁ বাছখন চলাই থকা দেখা গৈছে। অকল ৰক্ষা কৰাই নহয়, ৪২ বছৰীয়া যোগিতাই ১০ কিলোমিটাৰ দূৰত্বলৈ বাছখন চলাই সকলো যাত্ৰীক তেওঁলোকৰ গন্তব্যস্থানলৈ সুৰক্ষিতভাৱে লৈ যায়। লগতে বাছখনৰ চালকজনক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ ভৰ্তি কৰোৱায় (housewife of Pune saved 24 lives)।

এই সন্দৰ্ভত যোগিতাই কয় যে তেওঁ গাড়ী কেনেদৰে চলাব লাগে জানিছিল, কিন্তু বাছ চলোৱা নাছিল। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁ সাহসেৰে চালকৰ আসনত বহে।

Post a Comment

0 Comments