আকাশৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল নেকি ননীগোপাল বৰুৱাৰ? কিয় আকাশে হত্যা কৰিলে বৰুৱা দম্পত্তিক? ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট

 


বেলতলাৰ বৰুৱা দম্পত্তি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল। শনিবাৰে  দিছপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বীট। ইফালে চাৰ্জশ্বীটত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে বৰুৱা দম্পত্তি হত্যাকাণ্ডৰ চাৰিটাকৈ কাৰণ উল্লেখ কৰিছে। কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পত্নী পুতু দাসৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ বাবেই ননীগোপাল বৰুৱাক হত্যা কৰিছিল আকাশে।

আনহাতে ননীগোপাল বৰুৱাৰ পত্নী মীনা বৰুৱাই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল বাবেই তেওঁকো হত্যা কৰিছিল আকাশে। সমগ্ৰ ঘটনাৰ বিষয়ে আকাশৰ পত্নী পুতু দাসেও স্বীকাৰ কৰা বুলি উল্লেখ আছে চাৰ্জশ্বীটত।

ইফালে হাজোৰ এডোখৰ মাটিৰ বাবেও প্ৰায়ে আকাশে বৰুৱা দম্পতিৰ সৈতে সংঘাতত লিপ্ত হৈছিল বুলি কোৱা হৈছে। সেইদৰে দম্পত্তিটোক এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিবলৈও বহু সময়ত হেঁচা প্ৰয়োগ কৰিছিল আকাশে।

কোভিড কালত কেৱল আকাশৰ পত্নীকহে বৰুৱাৰ বাসগৃহত প্ৰৱেশৰ অনুমতি দিছিল ননীগোপাল বৰুৱাই। সেই ক্ষোভো বহু দিনৰ পৰাই পুঁহি ৰাখিছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে। এই সকলো কথা উন্মোচিত হৈছে চাৰ্জশ্বীটত।

উল্লেখ্য যে, গুৱাহাটীৰ বেলতলাত ২৬অক্টোবৰত এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছিল। নিশা কোনো দুৰ্বৃত্তই ঘৰৰ গ্ৰীল ভাঙি বৃদ্ধ দম্পত্তি ননী গোপাল বৰুৱা আৰু মিনা বৰুৱাক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পিছতেই সোধা পোচাৰ বাবে কেয়াৰটেকাৰ আকৰাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

Post a Comment

0 Comments