লোক সভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্ভাৱনা! সলনি হ'ব বহু সমষ্টিৰ সীমা

 


২০২৪ চনৰ লোক সভা নিৰ্বাচন (2024 Lok Sabha Election)ৰ পূৰ্বেই ৰাজ্যত সমষ্টি পুননিৰ্ধাৰণ (Delimitation in Assam) হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Himanta Biswa Sarma)ই এই কথা ইতিমধ্যে জনাইছে শাসকীয় বিধায়ক সকলক৷ অৱশ্যে ২০২৬ত যিহেতু সমষ্টি নাবাঢ়ে সেয়ে এন আৰ চি (NRC)ৰ দৰে দৌৰা-দৌৰি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণেৰে চৰকাৰী ধন অপচয় কৰিব নালাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া (Debabrat Saikia)ই।

ৰাজ্যত সমষ্টি পুননিৰ্ধাৰণৰ সম্ভাৱনাৰ কথা সয়‌ং মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছতে হাতত কলম-কাগজ লৈ সমষ্টি ৰক্ষাৰ যুজত নামি পৰিছে বহু শাসকীয় বিধায়ক। সমষ্টি পুনৰ নিৰ্ধাৰণেৰে যে ২০২৬ত অসম বিধান নিৰ্বাচন অনুষ্ঠিত হব সেই কথা মুখ্যমন্ত্ৰীয়ে জনাইছে বুলি সমষ্টীবাসীৰ আগত  সদৰি কৰে বিজেপি বিধায়ক বিশ্বনাথ চাৰিআলিৰ প্ৰমোদ বৰঠাকুৰ আৰু বিহালিৰ ৰঞ্জিত দত্তই।

আনহাতে চৰকাৰী সুত্ৰৰ মতে নতুন দিল্লীৰ নিৰ্বাচন সদনৰ ডিলিমিটেছন কমিছন অৱ ইণ্ডিয়া (Delimitation Commission of India)ই ইতিমধ্যে সাজু কৰিছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা। ডিলিমিটেছন কমিছন অৱ ইণ্ডিয়াৰ প্ৰতিলিপি অনুযায়ী একেই থাকিব সমষ্টিৰ সংখ্যা। মাথো জনসংখ্যা অনুযায়ী সমষ্টিৰ নাম আৰু সংৰক্ষণৰ সাল সলনি হ'ব। ডিলিমিটেছন কমিছন অৱ ইণ্ডিয়াৰ সচিব Sangara Ramৰ স্বাক্ষৰযুক্ত অধিসূচনাৰ প্ৰতিলিপি ইতিমধ্যে আহি পৰিছে নিউজ১৮ৰ হাতত।

অৱশ্যে এই সমষ্টি পুননিৰ্ধাৰণ পদ্ধতিক বিৰোধিতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াৰ মতে ২০২৬ৰ নিৰ্বাচন (2026 Assam Assembly Election)ত সমষ্টি পুননিৰ্ধাৰণৰ জৰিয়তে সমষ্টি যিহেতু নাবাঢ়ে সেয়ে পৰৱৰ্তী নিৰ্বাচনলৈ সকলোকে অপেক্ষা কৰিবলৈ আহ্বান জনায়। খৰতকীয়াকৈ এই কাম কৰি চৰকাৰী ধনৰ অপচয় কৰিব নালাগে বুলিও কয় দেৱব্ৰত শইকীয়াই। সমষ্টি পুননিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ উপৰি আন বহু সমষ্টি বিলুপ্তি হ'ব। জালুকবাৰীৰ স্থানত উত্তৰ গুৱাহাটী সমষ্টি হ'ব। ইফালে এই সমষ্টি পুননিৰ্ধাৰণে আন বহু নেতাৰ ৰাজনৈতিক কেৰিয়াৰৰ যৱনিকা পেলোৱাৰোআশংকা আছে।

Post a Comment

0 Comments