অক্ষৰ পেটেলে ইয়াৰ লগতে প্ৰেমিকা মেহাৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে, য’ত দুয়ো ইজনে–সিজনক এংগেজমেণ্ট ৰিং পিন্ধোৱা দেখা গৈছে। ভাৰতৰ বাওঁহতীয়া স্পীনাৰ অক্ষৰ পেটেলে নিজৰ প্ৰেমিকা মেহাৰ সৈতে কৰি পেলালে এংগেজমেণ্ট। অক্ষৰে নিজেই ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি এই কথা সদৰি কৰিছে। অক্ষৰৰ ২০ জানুৱাৰীত জন্মদিন আছিল। সেইবাবে তেওঁৰ এংগেজমেণ্টৰ দিনটো আৰু অধিক বিশেষ হৈ পৰে। তেওঁ ইনষ্টাগ্ৰামত এংগেজমেণ্টৰ ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছতে অনুৰাগীৰ লগতে টীম ইণ্ডিয়াৰ সতীৰ্থসকলে শুভেচ্ছা জনাইছে।
অক্ষৰ পেটেলে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি লিখিছে, ‘‘জীৱনৰ এয়া নতুন
আৰম্ভণি, চিৰদিনৰ বাবে আমি এক হ’লো। তোমাক সদাই ভাল পাই থাকিম।’’ অক্ষৰ
পেটেলে ইয়াৰ লগতে প্ৰেমিকা মেহাৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে, য’ত
দুয়ো ইজনে–সিজনক এংগেজমেণ্ট ৰিং পিন্ধোৱা দেখা গৈছে। আচলতে, অক্ষৰে নিজৰ
জন্মদিনৰ পাৰ্টীৰ লগতে এংগেজমেণ্টৰ পৰিকল্পনাও কৰিছিল।
0 Comments