গভীৰ নিশা গোপন খবৰ, বাংলাদেশ সীমান্তত মাৰাত্মক ঘটনা, মাষ্টাৰমাইণ্ড চাৰি মহিলা


 বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ (West Bengal News)। সৰবৰাহ কৰাৰ বাবে সীমান্ত অঞ্চললৈ লৈ অহা গৰু উদ্ধাৰ কৰিবলৈ গৈ আক্ৰমণৰ বলি হয় পশ্চিম বংগ আৰক্ষীৰ এটা দল। শনিবাৰে নিশা মেখলিগঞ্জ থানাৰ উছলপুকুৰি গাঁও পঞ্চায়তত সংঘটিত হয় এই ঘটনা। এই ঘটনাত মেখলিগঞ্জ থানাৰ ১২জন আৰক্ষী আহত হয়।

আহত আৰক্ষীকেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। আক্ৰমণ চলোৱাৰ অভিযোগত ৬জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰ ভিতৰত চাৰিগৰাকী মহিলা। ইতিমধ্যে ৩৪টা গৰু উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জনায়, বাংলাদেশলৈ সৰবৰাহৰ বাবে সীমান্ত অঞ্চলত বহুসংখ্যক গৰু একগোট কৰিছিল দুৰ্বৃত্তই।

নিশা খবৰ পাই উছলপুকুৰি গাঁও পঞ্চায়তৰ নেগৰিবাৰী অঞ্চলত অভিযান চলায় আৰক্ষীয়ে। গৰু উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় দুৰ্বৃত্তই। মহিলাসকলেও আক্ৰমণ কৰে বুলি অভিযোগ উঠিছে। আৰক্ষীৰ দাবী, প্ৰথমে শিলগুটি, ইটা আদি দলিয়ায় আৰক্ষীলৈ। তাৰ পিছত বাঁহেৰে আক্ৰমণ কৰে। ফলত আহত হয় ১২জনকৈ আৰক্ষীৰ লোক। গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে পুনৰ চলিব আৰক্ষীৰ অভিযান।

Post a Comment

0 Comments